দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / প্ৰথম কিন্তু শেষবাৰৰ বাবেহে

প্ৰথম কিন্তু শেষবাৰৰ বাবেহে

নতুন ভৱনত অন্তিমবাৰ বহিল বিধায়ক

গুৱাহাটী,১৩ ফেব্ৰুৱাৰী : আজি চতুৰ্দশ বিধানসভাৰ অন্তিম দিন আছিল ৷ আজি নতুনকৈ নিৰ্মাণ হোৱা ভৱনটোত অন্তিমবাৰৰ বাবে বাবে বহিল বৰ্তমানৰ  বিধায়কসকল ৷ সন্মানীয় একো একোটা সমষ্টিক প্ৰতিনিধিত্ব কৰা এই প্ৰতিনিধি সকলৰ প্ৰায়সংখ্যকেই আজিৰ এই অন্তিম দিনটোত হৈ পৰে আৱেগিক ৷ কিয়নো খুব সোনকালেই অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন  আৰু এই নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়ালেও আহোঁ বুলি আহিব নোৱাৰিব জনসাধাৰণৰ প্ৰতিনিধি হৈ ৷ তেওঁলোকৰ ভাগ্য নিয়ন্তা এইবাৰ তেওঁলোকৰ সমষ্টিৰ জনগণ৷নতুন ভৱনটো উদ্বোধন কৰে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

আজিৰ অন্তিম দিনটোত অত্যন্ত আত্মবিশ্বাসী দেখা গ’ল ৰূপজ্যোতি কুৰ্মীক ৷ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় “ মোৰ সমষ্টিৰ প্ৰতি কৰিবলগীয়া বহু কাম আছে ৷ মই আশাবাদী মই পুনৰ আহিব পাৰিম ৷ হৰিয়ে যদি ৰাখে মই আকৌ আহিম ৷ “আনহাতে,আজিৰ দিনটোত আৱেগিক হৈ পৰে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন ৷ ফুকনে কয়“১৫ বছৰত বহুতো দেখিলোঁ,শুনিলোঁ ৷ জনসাধাৰণক সেৱা কৰিব পৰাতো এক আৰ্শীবাদ ৷ আৱেগিক হৈছোঁ আজি ৷ ”আনহাতে, এআইউডিএফৰ বিধায়ক আমিনুল ইছলামে কয় “বিধানসভাত প্ৰায়ে মতানৈক্য হয় ৷ কথাৰ কটাকটি হয় ৷ সেইবোৰ কোনেও মনত ৰাখিব নালাগে ৷ এইয়া এক আৱেগিক মূৰ্হুত ৷ ”আজি নতুন ভৱনত অন্তিমবাৰৰ বাবে বহি প্ৰায়সকল বিধায়কেই বিগত পাঁচ বছৰৰ স্মৃতি ৰোমন্থন কৰিলে এক আৱেগবিহ্বল পৰিৱেশত ৷