দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / বালি মাফিয়া -বন বিষয়া একে ঘাটৰে !

বালি মাফিয়া -বন বিষয়া একে ঘাটৰে !

যোৰহাট,১৩ ফেব্ৰুৱাৰী : মৰিয়নীৰ ভুক্ত নদীৰ কাটনিবাৰী ঘাটত অবৈধভাৱে বালি খনন চলি আছে । মৰিয়নী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ পৰা মাত্ৰ দুই কিল'মিটাৰ নিলগতে অৱস্থিত এই কাটনিবাৰী ঘাটত বালি খনন ২০১৬ চনতে চৰকাৰে বন্ধ কৰি

যোৰহাট,১৩ ফেব্ৰুৱাৰী : মৰিয়নীৰ ভুক্ত নদীৰ কাটনিবাৰী ঘাটত অবৈধভাৱে বালি খনন চলি আছে । মৰিয়নী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ পৰা মাত্ৰ দুই কিল’মিটাৰ নিলগতে অৱস্থিত এই কাটনিবাৰী ঘাটত বালি খনন ২০১৬ চনতে চৰকাৰে বন্ধ কৰি দিয়াৰ পিছতো নিশাৰ অন্ধকাৰৰ সুযোগ লৈ স্থানীয় দুজনমান বালি মাফিয়াই অবৈধ বালি খনন চলাই থকাৰ পিছতো আজিলৈকে বন বিভাগে ইয়াৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটোত গভীৰ ৰহস্যৰ গোন্ধ পাইছে স্থানীয় ৰাইজে ।

মৰিয়নীৰ বিশিষ্ট পৰিৱেশ কৰ্মী ৰত্নেশ্বৰ সোণোৱালে কাটনীবাৰী ঘাটৰ এই অবৈধ বালিখননত বনবিভাগৰ আশীৰ্বাদ আছে বুলি উল্লেখ কৰি কয়  ” স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত ২০১৬ চনতে চৰকাৰে কাটনিবাৰী ঘাটত বালিখনন সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়াৰ পিছতো নিশাৰ অন্ধকাৰৰ সুযোগ লৈ স্থানীয় দুজনমান বালি মাফিয়াই বনবিভাগৰ চকুৰ আগতেই বালি সৰবৰাহ কৰি থকাটোৱে কাটনিবাৰীঘাটৰ এই অবৈধ বালি খনন যে বনবিভাগৰ ছত্ৰছায়াঁতে চলি আছে সেইটো নিশ্চিত ।

” ভুক্ত নদীৰ অবৈধ বালি খননকাৰ্যত বনবিভাগৰ চকুমুদা কুলিৰ স্বৰূপটো তীব্ৰ ভাষাৰে গৰিহণা দি আটছা মৰিয়নী আঞ্চলিকৰ নেতা ৰাজেশ কুৰ্মীয়ে কয়  ” যি সময়ত ৩ বজাৰ পিছত গৃহ নিৰ্মাণৰ বাবে অনা বালি ভৰ্তি গাড়ীও আৰক্ষীয়ে ৰাস্তাত ধৰি জৰিমনা লয় , ঠিক একে সময়তে বনবিভাগৰ নাকৰ তলতে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ অবৈধ বালিৰ খনন কৰি থকাৰ পিছতো বনবিভাগৰ নিৰ্বিকাৰ ভূমিকাই বিভাগটো যে ইতিমধ্যে বালি মাফিয়াৰ ওচৰত বিক্ৰী গৈছে সেইটো নিশ্চিত । ”