শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মল্লযুদ্ধথলীত ৫জনৰ মৃত্যু

মল্লযুদ্ধথলীত ৫জনৰ মৃত্যু

ব্যক্তিগত শত্ৰুতাৰ বাবেই এট ঘটনা

ছণ্ডীগড়,১৩ ফেব্ৰুৱাৰী : হাৰিয়ানাৰ ৰহটকৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ কাষত অনুষ্ঠিত এক মল্লযুদ্ধৰ অনুষ্ঠানত এক গুলীচালনাৰ ঘটনাত পাঁচ জন লোক নিহত হয় আৰু দুজন লোক গুৰুতৰভাৱে আহত হয় ৷ আহতসকলৰ দুয়োজনৰে অৱস্থা সংকটজনক ৷

মল্লযুদ্ধৰ প্ৰশিক্ষকজনৰ লগত থকা শত্ৰুতাৰ বাবেই এই ঘটনা সংঘটিত হয় ৷ অচিনাক্ত দুৰ্বৃত্তই  বৰদাৰ মল্লযুদ্ধ প্ৰশিক্ষক সুখবিন্দৰ, মনোজ  আৰু তেওঁৰ পত্নী সাক্ষী,পুত্ৰ চৰটজক  লক্ষ্য কৰি অচিনাক্ত দুৰ্বৃত্তই যধেমধে গুলীবৰ্ষণ কৰে ৷ আৰক্ষীয়ে ঘটনা সম্পৰ্কত তদন্ত অব্যাহত ৰাখিছে ৷