বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Business  / Region  / মুদ্ৰাস্ফীতিত জুৰুলা জনগণ

মুদ্ৰাস্ফীতিত জুৰুলা জনগণ

খুচুৰা মুদ্ৰাস্ফীতি ১৬ মাহৰ ভিতৰতে সৰ্বনিম্ন

নতুন দিল্লী,১৩ফেব্ৰুৱাৰী : অতাৱশ্যকীয় সামগ্ৰীৰ  মূল্যবৃদ্ধিৰ গতিয়ে মধ্যবিত্ত শ্ৰেণীৰ নাগৰিকক জ্বলাকলা খোৱাৰ কথা নতুন নহয় ৷ বিশেষকৈ বিগত দুমাহত পেট্ৰল,ডিজেলৰ ক্ৰমবৰ্ধমান মূল্যবৃদ্ধি সৰ্বসাধাৰণ নাগৰিকৰ বাবে এক মুৰৰ কামোৰণি হৈ পৰিছে ৷ মূল্যবৃদ্ধিৰ মাপকাঠী হৈছে মুদ্ৰাস্ফীতি ৷ বিশেষকৈ খুচুৰা মুদ্ৰাস্ফীতিৰ সূচাংকই এজন সাধাৰণ খুচুৰা গ্ৰাহকৰ বাবে বিগত সময়চোৱাত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বা মূল্যৰ পৰিৱৰ্তনৰ এক সম্যক আভাস দিয়ে ৷

কিন্তু পেট্ৰল,ডিজেলৰ এই আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে এক শেহতীয়া তথ্যই সাধাৰণ গ্ৰাহকৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ৷ ২০২১ বৰ্ষৰ জানুৱাৰী মাহত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ প্ৰায় ৪% লৈ হ্ৰাস হয় ৷ বিগত ১৬ মাহত খুচুৰা মুদ্ৰাস্ফীতিৰ এইয়া সৰ্বনিম্ন স্তৰ৷ কেন্দ্ৰীয় পৰিসংখ্যা বিভাগৰ সূত্ৰই জনোৱা মতে খাদ্য তথা শাকপাচলিৰ দাম হ্ৰাস হোৱা বাবেই খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ এনেদৰে উল্লেখযোগ্য ভাৱে হ্ৰাস হয় ৷
কিন্তু বিগত বছৰত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পৰিসংখ্যাৰ ওপৰত সৰ্বসাধাৰণ তথা বিশেষজ্ঞ সকলৰ সন্দেহ হোৱাৰ সময়তে খুচুৰা মুদ্ৰাস্ফীতিৰ এনে লক্ষণীয় হ্ৰাসে আন এক বিতৰ্কৰ সৃষ্টি কৰিছে ৷ বিশেষকৈ খাদ্য আৰু শাকপাচলিৰ মূল্য হ্ৰাস হোৱা বাবেই পেট্ৰল-ডিজেলৰ অভিলেখ সৃষ্টিকাৰী মূল্যৰ সময়ত কেনেকৈ খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ইমান হ্ৰাস হ’ল,তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷