বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / কি কৰিব,কি নকৰিব ক’লে ৰাহুলে

কি কৰিব,কি নকৰিব ক’লে ৰাহুলে

নোট দেখুৱাই প্ৰতিশ্ৰুতি দিলে মজুৰি বৃদ্ধিৰ

শিৱসাগৰ, ১৪ ফেব্ৰুৱাৰী : অসমৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিষয়টো আলোচনাৰ মাজেৰে সম্ভৱ। অসম চুক্তি অনুসৰি অসমৰ  অনুপ্ৰবেশকাৰী সমস্যা সমাধানৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।  কোনোবাই যদি অসম চুক্তিক অগ্ৰাহ্য কৰি হিংসা বিয়পাব বিচাৰে, তেনেহ’লে কংগ্ৰেছ আৰু অসমবাসী ৰাইজে তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু আছে। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত আজি শিৱসাগৰত অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ বিশাল জনসভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে এনেদৰে কয়।
জনসভাত ভাষণ প্ৰদান কৰি ৰাহুল গান্ধীয়ে কয় কংগ্ৰেছ ক্ষমতালৈ আহিলে অসমত কোনো কাৰণতে ‘কা’ বলবৎ হ’বলৈ নিদিয়ে। শনিবাৰে, বিত্তমন্ত্ৰী অমিত শ্বাহে দেশজুৰি কৰ’নাৰ প্ৰতিষেধক প্ৰদানৰ  কাৰ্যসূচী শেষ হোৱাৰ পাছতে কা বলবৎ হ’ব বুলি কৰা মন্তব্যৰো তীব্ৰ বিৰোধিতা কৰি ৰাহুল গান্ধীয়ে কয় বিজেপি চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তই অসমত অনাহুত পৰিস্থিতি সৃষ্টি কৰিব পাৰে।


ইফালে বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সাম্প্ৰদায়িক শক্তিক সমৰ্থন জনোৱা বুলি মন্তব্য কৰি গান্ধীয়ে কয় “কংগ্ৰেছ ‘জনতাৰ দল’। কংগ্ৰেছ ক্ষমতালৈ আহিলে বিজেপিয়ে আৰম্ভ কৰা সাম্প্ৰদায়িক ৰাজনীতিক উফৰাই পেলোৱা হ’ব। জাতি, ধৰ্ম, ভাষা, শ্ৰেণী নিৰ্বিশেষে কংগ্ৰেছ দলে সমাজৰ সকলো লোককে আগুৱাই লৈ যাব আৰু অসমৰ যুৱকসকলৰ বাবে সংস্থাপনৰ ব্যৱস্থা কৰিব ৷ ”


ৰাজ্যৰ প্ৰাকৃতিক সম্পদ আৰু ৰাজহুৱা খণ্ডসমূহ দেশখনৰ দুজন শীৰ্ষ উদ্যোগপতিক বিক্ৰী কৰি দিয়া হৈছে বুলি অভিযোগ উত্থাপন কৰাৰ লগতে কৰ’না মহামাৰীৰ সময়ত একাংশই ৰাজকোষৰ ধন উদৰস্থ কৰা বুলি নিজৰ ভাষণত উল্লেখ কৰে ৰাহুল গান্ধীয়ে।


আনহাতে, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নাগপুৰৰ পদলেহনকাৰী আখ্যা দি এতিয়া ৰাজ্যৰ উন্নয়নৰ বাবে “নাগপুৰ অথবা দিল্লীৰ আশীষধন্য মুখ্যমন্ত্ৰীৰ প্ৰয়োজন নাই বুলি কটাক্ষ কৰাৰ লগতে চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি প্ৰসংগতো মন্তব্য আগবঢ়ায়। উজনি অসমৰ বহু হাজাৰ  কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰা আজিৰ জনসভাখনত ছট্টীশগড়ৰ মুখ্যমন্ত্ৰী তথা অসমৰ দলীয় পৰ্যবেক্ষক ভূপেশ বাঘেল, কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা জীতেন্দ্ৰ সিং, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক, ৰাজ্যিক সভাপতি ৰিপুণ বৰা আৰু অন্যান্য জ্যেষ্ঠ কংগ্ৰেছী নেতাসকলো উপস্থিত থাকে।