সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / তালিবানেহে চলাই দেশ !

তালিবানেহে চলাই দেশ !

শক্তি কাৰ বেছি তাক লৈহে চিন্তা

কাবুল,১৪ ফেব্ৰুৱাৰী : আফগানিস্থানৰ এক সংবাদ প্ৰতিষ্ঠানে চলোৱা সমীক্ষাৰ তথ্য অনুসৰি দেশখনৰ মুঠ ভূখণ্ডৰ ৫২ % তালিবানৰ নিয়ন্ত্ৰণত থকাৰ বিপৰীতে ৫৯% নাগৰিক দেশখনৰ চৰকাৰৰ নিয়ন্ত্ৰণত আছে ৷ এই সমীক্ষাটো ২০২০ চনৰ নবেম্বৰৰ পৰা ২০২১ চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত চলোৱা হৈছিল ৷ দেশখনৰ ৪৬% ভূখণ্ড চৰকাৰৰ নিয়ন্ত্ৰণত থকা বুলিও সমীক্ষাটোৱে লগতে প্ৰকাশ কৰিছে ৷ সমীক্ষাটোৱে লগতে প্ৰকাশ কৰে যে ৩,৩৭,০০০ বৰ্গফুট তালিবানৰ নিয়ন্ত্ৰণত থকাৰ বিপৰীতে ২,৯৭,০০০বৰ্গফুট অঞ্চল চৰকাৰৰ নিয়ন্ত্ৰণত থকা বুলি প্ৰকাশ কৰিছে ৷

দেশখনৰ ২৭ খন জিলা সম্পূৰ্ণ তালিবানৰ নিয়ন্ত্ৰণত আৰু ৬৪ খন জিলা চৰকাৰৰ নিয়ন্ত্ৰণত আছে আৰু সমগ্ৰ দেশৰ ২৯৭ খন জিলাত দুয়োটা পক্ষৰে নিয়ন্ত্ৰণ চলাই আহিছে ৷ আনহাতে,তালিবানৰ মুখপাত্ৰগৰাকীয়ে ৭০% জিলাৰ ওপৰত নিয়ন্ত্ৰণত থকা বুলি দাবী কৰিছে যদিও দেশখনৰ নিৰাপত্তা উপদেষ্টা হামিদুল্লা মহিবে এই কথা সঁচা নহয় বুলি কয় ৷ মহিবে কয় যে তালিবানে তেওঁলোকৰ নিয়ন্ত্ৰণত সমগ্ৰ দেশখন ৰাখিব বিচাৰে আৰু দেশখনৰ সমগ্ৰ আন্তঃগাঁথনি ধ্বংস কৰিব বিচাৰে ৷ “তালিবানে দেশখনৰ ৭০% ভূখণ্ডত নিজৰ সাৰ্বভৌমত্ব বিচাৰে আনকি আজিও কুৱেটাত তেওঁলোকে আলোচনাত বহিছে ৷ এই আলোচনাত তেওঁলোকে কেনেকৈ বোমা বিস্ফোৰণ কৰিব লাগে,মানুহ মাৰিব লাগে সেইবোৰ বিষয় আলোচনা কৰিছে”-এনেদৰে কয় হামিদে ৷