সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / নগাঁৱে নৰূপ পাব !

নগাঁৱে নৰূপ পাব !

মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে কেইবাটাও উন্নয়নমূলক কামৰ

নগাঁও,১৪ ফেব্ৰুৱাৰী : “গুৰুজনাৰ আৰ্দশৰে মিত্ৰজোঁটৰ চৰকাৰখনে অসমৰ পাহাৰ ভৈয়ামক একাকাৰ কৰি এক উন্নয়নৰ বাতাবৰণ সৃষ্টি কৰিছে । কংগ্ৰেছ দলে ৫৫ বছৰে কৰিব নোৱাৰা কাম আমাৰ চৰকাৰখনে অতি কম সময়ৰ ভিতৰতে কৰি দেখুৱালে । আমি মূল্যবোধৰ ব্যৱস্থা প্ৰবৰ্তন কৰি অসমৰ ৰাইজৰ আস্থাভাজন হৈছোঁ। অসমৰ ৰাইজে আমাক আস্থাত লৈছে। ৰাইজৰ আস্থা আৰু আৰ্শীবাদত অসমত পুনৰ বিজেপি চৰকাৰ হ’ব”-এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আজি নগাঁও চহৰত অত্যাধুনিক ৰূপত নিৰ্মাণ কৰি উলিওৱা সা‌ংস্কৃতিক প্ৰকল্প উদ্ধোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পূৰ্বৰ ক‌ংগ্ৰেছ চৰকাৰক সমালোচনা কৰি কয় যে ,২০১৬ চনত বিজেপি মিত্ৰজোঁটে দায়িত্ব ভাৰ লোৱাৰ সময়ত ৰাজ্যৰ শাসন ব্যৱস্থা দুৰ্নীতি ভ্ৰষ্টাচাৰত সম্পূৰ্ণ ৰূপে বিধস্ত হৈ আছিল ।

পূৰ্বৰ চৰকাৰৰ শাসন যন্ত্ৰৰ ওপৰত অসমৰ জনসাধাৰণৰ আস্থা একেবাৰে নোহোৱা হৈ গৈছিল। “আমি শাসনলৈ অহাৰ পাছত আমাৰ প্ৰধান দায়িত্ব আছিল শাসনযন্ত্ৰৰ ওপৰত মানুহৰ আস্থা ঘূৰাই অনা। ই আমাৰ বাবে এক প্ৰত্যাহ্বান আছিল। সততা আৰু নিষ্ঠাৰে আমি সেই প্ৰত্যাহ্বান অতিক্ৰম কৰিলোঁ । এখন দুৰ্নীতি মুক্ত অসম গঢ়াৰ সংকল্পৰে আমি শাসন যন্ত্রৰ সংস্কাৰৰ পণ ললোঁ।  অসম লোকসেৱা আয়োগকে ধৰি বিভিন্ন বিভাগত সংস্কাৰ সাধন কৰাত আমি সফল হলোঁ”-পুনৰ এনেদৰে কয় সোণোৱালে ৷  আনহাতে, দুৰ্নীতিক  সামাজিক ব্যাধি বুলি উল্লেখ কৰি মুখ্যমন্ত্রী  সোণোৱালে  কয় যে দুৰ্নীতিৰ বিৰুদ্ধে চলা অভিযানত বহুতে জেল হাজোতলৈ যাব লগা হ’ল। দুৰ্নীতি কৰা সকল সামাজিক ব্যাধিৰ বলি বুলিও তেওঁ মন্তব্য কৰে । আনহাতে কংগ্ৰেছৰ শাসনত সংঘটিত দুৰ্নীতিৰ বাবে অসম্পূর্ণ হৈ থকা ৩ লাখ ইন্দিৰা আৱাস যোজনাৰ গৃহ বৰ্তমানৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে নিৰ্মাণ সম্পূৰ্ণ কৰি দুখীয়া জনসাধাৰণৰ হিত সাধন কৰা বুলিও মুখ্যমন্ত্ৰী সোণোৱালে প্ৰসংগ ক্ৰমে উল্লেখ কৰে।

আনহাতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই ২০০৪ চনত আধাৰশিলা স্থাপন কৰা নগাঁও সাংস্কৃতিক প্ৰকল্পই মানৱতাৰ গীত গোৱা হাজাৰ হাজাৰ শিল্পী গঢ় দিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে । উদ্বোধনী অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাই  বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালত নগাঁও চহৰকে ধৰি সদৰ সমষ্টিৰ উন্নয়নৰ খতিয়ান দাঙি ধৰাৰ লগতে সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আগবঢ়োৱা সহযোগিতাৰ শলাগ লয় । জিলা উপায়ুক্ত কবিথা পদ্মনাভণে উদ্দেশ্য বাখ্যা কৰা সভাত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল  বৰুৱা,নগাঁও জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ, নগাঁও সাহিত্য সভা সভাৰ সভাপতি মিন্টু শৰ্মা উপস্থিত থাকে । নগাঁও সাহিত্য সভাৰ সম্পাদক পাপুল বৰাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্রীৰ লগতে বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় । ইপিনে আজি কেবাটাও কাৰ্য্যসূচী লৈ নগাঁৱত উপস্থিত হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াৰ পূর্বে নগাঁও চহৰৰ মৰিকলং বিল পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে বিলৰ পাৰত আটকধুনীয়া পদপথ, শিশু উদ্যান আৰু নৌকা বিহাৰৰ ব্যৱস্থা কৰাৰ বাবে গ্ৰহণ কৰা প্ৰকল্পৰ কামৰ শুভাৰম্ভ কৰে ।