বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / পুলৱামা শ্বহীদক স্মৰণ মোডীৰ

পুলৱামা শ্বহীদক স্মৰণ মোডীৰ

শ্বহীদসকল দেশবাসীৰ প্ৰেৰণাৰ উৎস

চেন্নাই,১৪ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি পুলৱামা আক্ৰমণৰ শ্বহীদসকলৰ স্মৃতি ৰোমন্থন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ চেন্নাইত আজি এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় “কোনো ভাৰতীয়ই দুই বছৰ আগৰ  আজিৰ দিনটোৰ কথা পাহৰিব নোৱাৰে ৷ আমি আমাৰ নিৰাপত্তা বাহিনীক লৈ গৌৰৱান্বিত ৷ তেওঁলোক আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবেও অনুপ্ৰেৰণাৰ উৎস”-এনেদৰে কয় মোডীয়ে ৷ তামিলনাডুৰ এক উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে পুলৱামা শ্বহীদ সকলক স্মৰণ কৰাৰ লগতে তামিলনাডুত আজি আৰম্ভ কৰা প্ৰকল্পই ৰাজ্যখনক আত্মনিৰ্ভৰ ভাৰতৰ দিশে এঢাপ আগুৱাই নিলে বুলিও কয় ৷ তামিলনাডু এতিয়া  দেশৰ ভিতৰতে অন্যতম টেংক নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ গৰাকী হোৱাৰ গৌৰৱ অৰ্জন কৰিব বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷