দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মিছা কৈছে নেকি, চাবলৈ যাব নিজেই

মিছা কৈছে নেকি, চাবলৈ যাব নিজেই

চীন সীমান্তলৈ যাব প্ৰতিৰক্ষা সমিতি !

নতুন দিল্লী,১৪ ফ্ৰেব্ৰুৱাৰী : বিগত প্ৰায় ১০মাহ ধৰি লাডাখৰ চীন-ভাৰতৰ সীমান্তত দুই দেশৰ প্ৰায় এক লাখ সৈন্য সম্পূৰ্ণ যুদ্ধ প্ৰস্তুতিৰে অৱস্থান কৰি থকাৰ মাজতে বিগত কেইদিনমানত পেংগন চো হ্ৰদৰ সমীপৰ পৰা দুই দেশে আংশিকভাৱে সৈন্য প্ৰত্যাহাৰ কৰিবলৈ আৰম্ভ কৰিছে ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা লাডাখ সীমান্তত শান্তি প্ৰতিষ্ঠাৰ হকে এনে প্ৰচেষ্টা হাতত লোৱাৰ সময়তে প্ৰধান বিৰোধী দল কংগ্ৰেছে ভাৰতে নিজৰ ভূখণ্ডত চীনৰ প্ৰভুত্ব স্বীকাৰ কৰি লোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷

আনকি সংসদৰ মজিয়াত তথা সংবাদ মাধ্যমৰ লগত হোৱা সাক্ষাৎকাৰত কংগ্ৰেছী নেতাসকলে সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰে মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলিও আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ অৱশ্যে বিৰোধী পক্ষৰ এনে অভিযোগ কেন্দ্ৰীয় চৰকাৰে সজোৰে প্ৰতিবাদ কৰিছে ৷ এনে অভিযোগ-প্ৰতিঅভিযোগৰ মাজতে শেহতীয়াভাৱে সংসদৰ ৩০জনীয়া প্ৰতিৰক্ষা সমিতিয়ে লাডাখৰ বিবদমান অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ চৰজমিন তদন্ত কৰিবলৈ মনস্থ কৰিছে ৷

উল্লেখযোগ্য যে বিজেপি নেতা জুৱেৰ ওৰামৰ নেতৃত্বাধীন এই সমিটিত কংগ্ৰেছৰ উপসভাপতি ৰাহুল গান্ধীকে ধৰি বিৰোধী পক্ষৰ কেইবাজনো নেতা সদস্য হিচাপে আছে ৷ গতিকে এই সমিতিক লাডাখৰ বিবদমান সীমান্ত ভ্ৰমণ কৰি পৰিস্থিতিৰ চৰজমিন তদন্ত কৰিবলৈ তাৎক্ষণিক ভাৱে অনুমতি প্ৰদান কৰিব নে নকৰে,তাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে ৷ উল্লেখযোগ্য প্ৰতিৰক্ষাৰ দোহাই দি কেন্দ্ৰীয় চৰকাৰে সংসদৰ এই উচ্চ ক্ষমতাসম্পন্ন সমিটিখনক সদ্যহতে সীমান্তলৈ যোৱাত বাধা প্ৰদান কৰিব পাৰে ৷