মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আত্মহত্যাত অভিলেখ পাকিস্তানৰ

আত্মহত্যাত অভিলেখ পাকিস্তানৰ

দৰিদ্ৰতা আৰু অৱহেলিত বাবেই বাঢ়িছে প্ৰৱণতা

ইছলামাবাদ,১৫ ফেব্ৰুৱাৰী : পাকিস্তানত দৰিদ্ৰতাৰ বাবেই বিগত ১৩ মাহত ১২৫ গৰাকী মহিলাই আত্মহত্যা কৰিছে ৷ দেশখনৰ সিন্ধু প্ৰদেশতে মুঠ ২৫ গৰাকী মহিলাই সমাজত সঠিক মৰ্যাদা নোপোৱাৰ লগতে দৰিদ্ৰতাৰ বাবে আত্মহত্যাৰ দৰে কঠোৰ পন্থা বাচি লৈছে ৷ জিঅ’ নিউজৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিভিন্ন স্বেচ্ছাসেৱী সংগঠন,মনোৰোগ চিকিৎসক আৰু নাগৰিক সমাজৰ মাজত অনুষ্ঠিত এক সভাত এই তথ্য পোহৰলৈ আহিছে ৷ সিন্ধু প্ৰদেশৰ থৰপকৰ জিলাত আত্মহত্যাৰ ঘটনা সবাতোকৈ বেছি ৷ উল্লেখযোগ্য যে এই অঞ্চলত হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা বেছি ৷