বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / এইবাৰ ‘মোডী চাহ ‘ খুৱাইছে

এইবাৰ ‘মোডী চাহ ‘ খুৱাইছে

ভোজনালয়,চাহ সকলো মোডীৰ নামতে উৎসৰ্গিত

তিতাবৰ,১৫ ফেব্ৰুৱাৰী : তিতাবৰত এইবাৰ মোডী চাহ । সমাগত নিৰ্বাচনত জনসাধাৰণক চলে বলে কৌশলে নিজৰ ফালে আকৰ্ষণ কৰিবলৈ যত্নৰ ক্ৰুটি ৰখা নাই বিভিন্ন ৰাজনৈতিক দলসমূহে। এই ক্ষেত্ৰত  শাসকীয় বিজেপি দলৰ নেতা কৰ্মী সকল সকলোতকৈ আগবাঢ়ি আছে ৷  নতুন আঞ্চলিক ৰাজনৈতিক দলৰ গঠন আৰু মিত্ৰতাৰ লগতে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটে বিজেপিৰ  টোপনি হৰণ কৰিছে যে সেইটো দলটোৰ শেহতীয়া  কামবোৰতে পৰিলক্ষিত হৈছে ।সেয়ে মৰিয়নীৰ ‘নমো ভোজনালয়’ৰ পিছত এইবাৰ  তিতাবৰত বিজেপি অসমৰ চাহ মৰ্চা আৰু তিতাবৰ মণ্ডল বিজেপিয়ে পথাচাৰীক বিনামূলীয়াকৈ  ‘মোডী চাহ’ৰ জুতি ল’বলৈ সুবিধা কৰি দিছে আজিৰ পৰা । বিগত বিধানসভা নিৰ্বাচনত মোডী মেজিকে যথেষ্ট প্ৰভাৱ পেলাইছিল ৷

বিজেপি দলৰ আন নেতাকে ধৰি প্ৰধানমন্ত্ৰী মোডীৰ ঘোষণাই সাধাৰণ জনতাক আকৃষ্ট কৰিছিল ৷ প্ৰধানমন্ত্ৰী মোডীয়ে ১৬ মে’ত বাংলাদেশীয়ে টালিটোপোলা বান্ধিব লাগিব বুলি কৰা ঘোষণাই সাধাৰণ ৰাইজক আকৰ্ষিত কৰিছিল ৷ পৰিবৰ্তনৰ আশাত ভোট দিছিল জনতাই ৷ “যি আশাত বন্দী হৈ জনসাধাৰণে ভোট দিছিল,তাত একেবাৰে চেচাঁ পানী পৰিল ৷ গতিকে এইবাৰ মোডী চাহ,নমো ভোজনালয় আদিয়ে কাম দিব বুলি নাভাবোঁ”- এনেদৰে কয় প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মাই ৷