শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / কমলাক্ষৰ ভয় !

কমলাক্ষৰ ভয় !

মিত্ৰতাত লাভ নে লোকচান হ’ব,তত ধৰিব পৰা নাই কোনেও

মৰিয়নী,১৫ ফেব্ৰুৱাৰী : উজনি অসমৰ নিৰ্বাচনী ফলাফলৰ কথা ভাবি ভয় খাইছে কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থই । আজি মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগত মৰিয়নী সমষ্টিৰ বিভিন্ন ৰাইজৰ লগত মত বিনিময় কৰি সাংবাদিকৰ আগত তেওঁৰ মনৰ সংশয়ৰ কথা ব্যক্ত কৰে বিধায়কজনে । তেওঁ কয়  ” নামনি আৰু মধ্য অসমত কংগ্ৰেছৰ ফলাফল ভাল হ’ব , কিন্তু উজনি অসমত কংগ্ৰেছে কেইখন আসন পাব আমি নাজানো যদিও কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতাসকল উজনিতে আছে । ” উল্লেখ্য যে কংগ্ৰেছ আৰু বদৰুদ্দিন আজমল নেতৃত্বাধীন  সদৌ ভাৰত গণতান্ত্ৰিক মৰ্চা চমুকৈ এইআইইউডিএফৰ মিত্ৰতাই উজনি অসমত কংগ্ৰেছৰ ভোটৰ অংকত যে খেলি মেলি লাগিব সেই লৈ ৰাজনৈতিক বিশ্লেষকসকলে কৰা আলোচনাতো ইতিমধ্যে চৰ্চা লাভ কৰিছে । তেনেস্থলত বিধায়ক গৰাকীৰ চিন্তাৰ কাৰণ যে অমূলক নহয় সি নিশ্চিত ।আনহাতে,কংগ্ৰেছ দলৰ নেতৃত্বত বিগত জানুৱাৰী মাহত মুঠ ৬ টা দলক লৈ এক মহাজোঁট গঠন কৰা হৈছিল যদিও বাস্তৱক্ষেত্ৰত এই মহাজোঁট কিমান গ্ৰহণযোগ্য হ’ব তাক লৈ সমগ্ৰ জনসাধাৰণেই এতিয়া এক দোধোৰমোধোৰ অৱস্থাত আছে৷আসন বুজাবুজিৰ ক্ষেত্ৰত ঘাইকৈ কংগ্ৰেছ আৰু এইআইইউডিএফৰ মাজত দেখা দিছে ক্ষোভ আৰু অসন্তুষ্টি ৷ এ আ ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে কয় “ য’ত দুয়োটা দলৰ প্ৰাৰ্থী থাকিব তাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্ব্বিতা হ’ব ৷ ” ইতিমধ্যে সৰুক্ষেত্ৰীত দলটোৱে কংগ্ৰেছ দলৰ বিধায়ক থকাৰ পিছতো প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷ মিত্ৰতাৰ আলোচনা চলি থাকোতেই এই মিত্ৰতাৰ ঘোৰ বিৰোধিতা কৰিছিল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ কিন্তু শেহতীয়াকৈ কংগ্ৰেছ হাইকামাণ্ডে দলৰ সদস্যসকলক কোনো মন্তব্য নকৰিবলৈ কোৱাৰ পিছৰে পৰা মুকলিকৈ কোনেও ইয়াৰ বিৰোধিতা কৰা নাই ৷