মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / নগাৱঁত পৃষ্ঠপ্ৰমুখ সন্মিলন

নগাৱঁত পৃষ্ঠপ্ৰমুখ সন্মিলন

বিৰোধীক সমালোচনা কৰি নিজৰ গুণ গালে বিধায়কে

নগাঁও:,১৫ ফেব্ৰুৱাৰী : আজি নগাঁও চহৰৰ খুটীকটীয়া ৰাস মন্দিৰ প্ৰাংগনত বিজেপিৰ নগাঁও সদৰ সমষ্টিৰ পৃষ্ঠপ্ৰমুখ সন্মিলন অনুষ্ঠিত হয়। উল্লেখযোগ্য যে নগাঁও সদৰ সমষ্টিত প্ৰায় ২৬০০ পৃষ্ঠা প্ৰমুখ আছে । এই সন্মিলনত অংশগ্ৰহণ কৰি‌ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বিজেপি কৰ্মী সকলক বিজেপি দলক শক্তিশালী কৰি তুলিবলৈ আহ্বান জনায়। ভাষণ প্ৰসংগত বিধায়ক শৰ্মাই কয় “এই সময়ত আমি সকলো এক হ’ব লাগিব। আমাৰ প্ৰত্যেকৰে ব্যক্তিগত মতাদৰ্শ থাকিব পাৰে। কিন্তু দলৰ মজিয়াত আমি সেই মতাদৰ্শ পৰিহাৰ কৰি এক হ’ব লাগিব। তেতিয়াহে আমি আগবাঢ়িব পাৰিম। বিজেপিৰ পৃষ্ঠ প্ৰমুখ সকলে ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ দিনত সমগ্ৰ ৰাজ্যখনতে হোৱা উন্নয়ন আৰু বিকাশৰ কথা অবগত কৰিব লাগিব।

প্ৰতিজন লোককে বিজেপিৰ প্ৰতি আকৰ্ষণৰ চেষ্টা কৰিব লাগিব।” ৰাজ্যখনৰ আন সমষ্টিৰ লগতে নগাঁও সদৰ সমষ্টিত এই পাঁচটা বছৰত হোৱা উন্নয়নৰ কথা উল্লেখ কৰি বিধায়ক গৰাকীয়ে কয় এতিয়া নগাঁৱত উন্নয়নৰ যাত্ৰা চলিছে। উন্নয়ন আৰু বিকাশৰ এই যাত্ৰা আগলৈকো চলি থাকিব। নগাঁও সদৰ সমষ্টিত ৰাস্তা ঘাটকে ধৰি ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান আদি সকলোতে বিকাশ আৰু উন্নয়ন হৈছে। আমাৰ চৰকাৰৰ এই ৫টা বছৰত হোৱা উন্নয়ন আগতে কেতিয়াও হোৱা নাছিল। বিভিন্ন জন কল্যাণ মূলক আচঁনিৰ জৰিয়তে বৃদ্ধ, মহিলা, বিশেষ ভাৱে সক্ষম লোকৰ পৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰী শিশু লৈকে সকলো উপকৃত হৈছে ৷কংগ্ৰেছে আৰম্ভ কৰা “অসম বচাও” অভিযানক কঠোৰ সমালোচনা কৰি শৰ্মাই কয়- কংগ্ৰেছে এতিয়া “অসম বচাও” অভিযান চলাই ৰাইজক বিভ্ৰান্তি কৰিব বিচাৰিছে। কংগ্ৰেছ আমোলৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ নাম উল্লেখ নকৰাকৈ বিধায়ক শৰ্মাই কয়-” অসম বচাও”ক নহয় কাকাৰ পৰা  নগাঁও বচাব লাগিব। তেওঁ যি ধৰনে নিৰ্যাতন অবিচাৰ কৰিছিল সেইবোৰ দূৰ কৰিব লাগিব। কংগ্ৰেছৰ মন্ত্ৰী গৰাকীৰ নাম উল্লেখ নকৰাকৈ তেওঁ পুনৰ কয়- আৰক্ষীয়ে কোনো অপৰাধীক গ্ৰেপ্তাৰ কৰিলে সেইজন নেতাৰ ফোনত আৰক্ষীয়ে অপৰাধীক এৰি দিবলৈ বাধ্য হৈছিল।

এতিয়া আমাৰ দিনত কোনো অপৰাধীক গ্ৰেপ্তাৰ কৰিলে আমি অপৰাধীক কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ বা শাস্তি বিহিবলৈ কওঁ। যাৰ বাবে এতিয়া অন্ধকাৰ পৰিৱেশ নোহোৱা হৈছে। নগাঁৱত এতিয়া চৌপাশে শান্তি আৰু সুস্থিৰতা বিৰাজ কৰিছে।  পৃষ্ঠ প্ৰমুখ সন্মিলনৰ নগাঁও জিলাৰ  তত্বাবধায়ক তথা গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই ভাষণ প্ৰদান কৰি কয় “পৃষ্ঠ প্ৰমুখ সকলৰ মূল দায়িত্ব হ’ল ভোটাৰ ৰাইজৰ লগত জন সম্পৰ্ক ৰক্ষা কৰিব লাগিব৷” ভাষণ প্ৰসংগত বিধায়ক বৰাই কয়-‘ কা’ আন্দোলনৰ গইনা লৈ একাংশই এতিয়া নতুন নতুন ৰাজনৈতিক দল খুলিছে। এই নতুন ৰাজনৈতিক দলৰ জৰিয়তে বহুতে নেতা বিধায়ক হ’ব বিচাৰিছে। কিন্তু তেওঁলোকৰ ৰাইজৰ লগত সম্পৰ্ক নাই। কভি’ডে সন্ত্ৰাস সৃষ্টি কৰোতে এই সকল ক’ত আছিল বুলি প্ৰশ্ন কৰি বিধায়ক বৰাই কয়- বিজেপি নেতা কৰ্মী সকলে মৃত্যুকো ভয় নকৰি ৰাইজৰ বিপদৰ সময়ত ৰাইজৰ কাষত থিয় দিছে। অহা নিৰ্বাচনত  বিজেপিৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হ’ব বুলি মন্তব্য কৰি বৰাই কয় “মহিলা সকলৰ শক্তি অসীম। আমাৰ মহিলা মৰ্চাৰ মহিলা সকল একত্ৰিতভাৱে ওলাই আহিলে অহা নিৰ্বাচনত আমাক কোনেও প্ৰতিহত কৰিব নোৱাৰে ৷ ”