শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Economy  / শ্বেয়াৰ মাৰ্কেটত সেউজ সংকেত

শ্বেয়াৰ মাৰ্কেটত সেউজ সংকেত

বিনিয়োগকাৰী আশাবাদী

মুম্বাই,১৫ ফ্ৰেব্ৰুৱাৰী : ১ফেব্ৰুৱাৰীৰ কেন্দ্ৰীয় বাজেটৰ পাছত ভাৰতৰ শ্বেয়াৰ বজাৰত সৃষ্টি হোৱা ব্যাপক উৎসাহ আজিও অৱ্যাহত আছে ৷ আজি শ্বেয়াৰ বজাৰৰ প্ৰধান সূচাংক ছেনচেক্সৰ প্ৰায় ৬০০ পইণ্টৰ উত্থানে ৫২,০০০ সংখ্যা প্ৰথমবাৰৰ বাবে স্পৰ্শ কৰে ৷ উল্লেখযোগ্য দেশীয় তথা আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰী সকলে ১ফেব্ৰুৱাৰীৰ এই বাজেটক এক অত্যন্ত সংস্কাৰকামী তথা প্ৰগতিশীল বাজেট বুলি উল্লেখ কৰিছে ৷ এই বাজেটৰ যোগেদি অৰ্থনীতিৰ পুনৰুদ্ধাৰ কৰাৰ লগতে ব্যক্তিগত খণ্ডৰ ব্যাপক পুঁজি বিনিয়োগৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাত বিনিয়োগকাৰীসকলৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে ৷ তাৰোপৰি প্ৰায় একে সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱনিযুক্ত ৰাষ্ট্ৰপতি জো বাইডেনৰ দ্বাৰা পূৰ্বৰ ৰাষ্ট্ৰপতিৰ বহু কেইটা বিতৰ্কিত সিদ্ধান্ত বাতিল কৰাত সমগ্ৰ বিশ্বজুৰি বিনিয়োগকাৰীসকলৰ  মাজত উৎসাহ বৃদ্ধি পাইছে ৷ আনহাতে, ভাৰতীয় অৰ্থনীতিও কৰ’না মহামাৰীৰ কৰালগ্ৰাসৰ পৰা বহুলাংশে মুক্ত হৈ আগন্তুক বিত্তীয় বৰ্ষত উল্লেখযোগ্য সফলতা লাভ কৰিব বুলি শেহতীয়া প্ৰায় সকলো অৰ্থনৈতিক সমীক্ষাই মতপোষণ কৰিছে ৷ গতিকে বেংক,বিত্তীয় প্ৰতিষ্ঠান,চিমেণ্ট,মটৰ -গাড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠান আদিয়ে অনাগত সময়ত যথেষ্ট পৰিমাণে ৰাজহ তথা লাভাংশ বৃদ্ধি কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে ৷ সেইবাবে বিশেষকৈ এই প্ৰতিষ্ঠানসমূহৰ শ্বেয়াৰ মূল্য যথেষ্ট পৰিমাণে উৰ্দ্ধমুখী হৈ বিনিয়োগকাৰী সকলক লাভান্বিত কৰা পৰিলক্ষিত হৈছে ৷