দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / হলা গছত বাগী কুঠাৰ মাৰিয়েই আছে

হলা গছত বাগী কুঠাৰ মাৰিয়েই আছে

সকলো হেৰুৱালে অথচ উপেক্ষিত আজিও

গুৱাহাটী,১৬ ফ্ৰেব্ৰুৱাৰী : বিগত বছৰত তিনিচুকীয়া জিলাৰ বাঘজান তৈলক্ষেত্ৰত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটোৰ আজি ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণত প্ৰায় তিনি মাহৰ বিৰতিৰ অন্তত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয় ৷ আজিৰ এই শুনানিত দুই প্ৰধান গোচৰীয়া পক্ষ ক্ৰমে বনানী কাক্কৰ আৰু সোনেশ্বৰ নৰহ,মহঃ আফ্ৰিন ৰহমান,সমুদ্ৰজিত গোঁহাইৰ অধিবক্তাদ্বয়ে অসম চৰকাৰৰ দ্বাৰা ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ দ্বাৰা নিযুক্ত ন্যায়ধীশ (অৱসৰপ্ৰাপ্ত) বি পি কটকী সমিতিক সমগ্ৰ ঘটনাটোৰ প্ৰকৃত ৰহস্য তথা পৰিবেশ প্ৰদুষণৰ দ্বাৰা হ’ব পৰা সম্ভাব্য ক্ষতিপূৰণৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ এতিয়াও ১কোটি টকা আবন্টন নিদিয়া বিষয়টোত প্ৰাধিকৰণৰ তৎকালীন হস্তক্ষেপৰ বাবে আবেদন জনায় ৷

বিশেষকৈ গোচৰ নং ৫০/২০২০ (সোনেশ্বৰ নৰহ,মহঃ আফ্ৰিন ৰহমান,সমুদ্ৰজিত গোহাঁই) ৰ অধিবক্তা তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত চন্দ্ৰ সেনে উক্ত পুঁজিৰ অভাৱত ন্যায়ধীশ(অৱসৰপ্ৰাপ্ত)বি পি কটকী সমিতিয়ে কেইটামান অতি প্ৰয়োজনীয় কাৰিকৰী পৰীক্ষা কৰিব নোৱাৰিলে ,বাঘজানবাসী তথা কাষৰীয়া অঞ্চলৰ ভুক্তভোগী ৰাইজে প্ৰকৃত ক্ষতিপূৰণ নাপাব বুলি শংকা ব্যক্ত কৰে ৷ তাৰোপৰি উক্ত কাৰিকৰী পৰীক্ষা কেইটা সম্পাদন নকৰিলে বাঘজানৰ ঘটনাটোৰ প্ৰকৃত ৰহস্য উদ্ঘাটন নহব বুলিও আন এক শংকা ব্যক্ত কৰে ৷

আনহাতে আজিৰ শুনানিত গোচৰ নং ৫০/২০২০ৰ গোচৰীয়া পক্ষৰ অধিবক্তাই বি পি কটকী সমিতিৰ শেহতীয়া প্ৰতিবেদনত তৰল গেছ বা কনডেনছেটৰ বৃহৎ ভাণ্ডাৰ অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ দ্বাৰা ইচ্ছাকৃত ভাৱে লুকুৱাই বাঘজান তৈলক্ষেত্ৰত খনন কৰি অহা বিষয়টোৰ পুনৰ ন্যায়াধীশৰ দৃষ্টিগোচৰ কৰা হয় ৷ উল্লেখযোগ্য বি পি কটকী সমিতিৰ শেহতীয়া প্ৰতিবেদনতো তৰল গেছৰ অৱস্থিতিৰ বিষয়টোৰ সন্দৰ্ভত এক বিস্তৃত তদন্তৰ পোষকতা কৰা হৈছে ৷ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে অহা শুক্ৰবাৰে(১৯/২/২০২১) এক গুৰুত্বপূৰ্ণ আদেশ দিয়াৰ সম্ভাৱনা আছে ৷