শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / অভিজিত ৰয়ৰ হত্যাকাৰীক ফাঁচী

অভিজিত ৰয়ৰ হত্যাকাৰীক ফাঁচী

ছয় বছৰ আগৰ হত্যাকাণ্ডৰ ন্যায় পালে আজি

ঢাকা,১৬ ফেব্ৰুৱাৰী : ‘মুক্ত মন’ নামৰ এটা ব্লগ আৰম্ভ কৰি যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰা অভিজিত ৰয় নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰ নিবাসী লিখক জনক হত্যা কৰাৰ অপৰাধত পাঁচ জন লোকক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে ৷ আজিৰ পৰা ৬ বছৰ আগতে এই পাঁচ অপৰাধীয়ে বাংলাদেশৰ ৰাজধানী ঢাকাত এক গ্ৰন্থমেলাত তেওঁক হত্যা কৰিছিল ৷ ২০১৫ চনত এই হত্যাকাণ্ড সংঘটিত হৈছিল ৷ তেওঁ ধৰ্ম নিৰপেক্ষতাক সমৰ্থন কৰিছিল আৰু তেওঁ আছিল মানৱদৰদী লেখক ৷ সেয়ে তেওঁঁ ইছলাম ধৰ্মাৱলম্বী সন্ত্ৰাসবাদী সংগঠনৰ চকুৰ কূটা দাঁতৰ শাল আছিল ৷ তেওঁক তেওঁৰ ব্লগবোৰ বন্ধ কৰাৰ বাবে বহুবাৰ হুমকি প্ৰদান কৰা হৈছিল ৷ তেওঁক হত্যা কৰা লোকসকল অল- কায়ডাৰ লগতো জড়িত আছিল ৷ তেওঁৰ পত্নী  ৰফিদা বেগমো উক্ত আক্ৰমণৰ সময়ত তেওঁৰ লগত আছিল আৰু তেৱোঁ গুৰুতৰভাৱে আক্ৰান্ত হৈছিল ৷