শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ক’ভিড গ’ল কিন্তু…

ক’ভিড গ’ল কিন্তু…

মূৰে কপালে হাত দিছে ব্যৱসায়ীয়ে

নতুন দিল্লী,১৬ ফেব্ৰুৱাৰী : ক’ভিড মহামাৰীৰ সময়ত একেবাৰে ভাঙি পৰা নাৰ্ছাৰী ব্যৱসায়টো একপ্ৰকাৰ পুনৰ ঠন ধৰি উঠিব বুলি ভবা হৈছিল যদিও শেহতীয়াকৈ প্ৰতিবাদী কৃষকৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত পুনৰ এই ব্যৱসায়ীসকল তেওঁলোকৰ ব্যৱসায়ত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে ৷ ২৪ পৰাগনা জিলাৰ মঞ্জুৰ আলম নামৰ নাৰ্ছাৰী ব্যৱসায়ীজনে কয় যে তেওঁ তেওঁৰ ব্যৱসায় বিগত নবেম্বৰ মাহৰ পৰা উন্নত হ’ব বুলি ভাবিছিল কিন্তু কৃষক বিক্ষোভ তথা প্ৰতিবাদৰ বাবে সেইটো সম্ভৱ নহ’ল ৷ “ নাৰ্ছাৰী প্ৰতিপালনৰ নামত মাহে প্ৰায় ৪০ ৰ পৰা ৪৫ হাজাৰ টকা ব্যয় হয় ৷ তদুপৰি বিদ্যুতৰ বিল ,শ্ৰমিক আদিৰ নামত খৰছ হোৱা বোৰতো আছেই ৷ নৱেম্বৰ মাহৰ পৰা গছবোৰ বিক্ৰী কৰিব পৰা হয় কিন্তু এতিয়া সেই সময় শেষ হ’বৰ হৈছে ৷ ”মঞ্জুৰ আলমে কয় যে তেওঁৰ নাৰ্ছাৰীখন ১৯৮৪ চনতে দেউতাকে খুলিছিল কিন্তু এইবাৰৰ নিচিনা লোকচানৰ সন্মুখীন কেতিয়াও হোৱা নাই ৷