বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বজাৰত বহি,মহিলাৰ হাঁহি

বজাৰত বহি,মহিলাৰ হাঁহি

একমাত্ৰ মহিলা বজাৰ খুলিল

ইম্ফল,১৬ ফেব্ৰুৱাৰী : বিগত ১১ মাহৰ অন্তত উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰৰ ইম্ফলত অৱস্থিত  এছিয়াৰ একমাত্ৰ সৰ্ববৃহৎ মহিলা বজাৰখন ক’ভিড মহামাৰীৰ বাবে বন্ধ হৈ থকাৰ পিছত যোৱা সোমবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে ৷ প্ৰায় ৫০০ বছৰ পুৰণি এই বজাৰখন বিগত বৰ্ষৰ ২২মাৰ্চৰ পৰা বন্ধ হৈ আছিল ৷ বজাৰখন পুনৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয় যে মহিলা ব্যৱসায়ী সকলে মহামাৰীৰ সময়ছোৱাৰ বাবে অনুজ্ঞাপত্ৰৰ নামত কোনো কৰ দিব নালাগে ৷ “মহিলা ব্যৱসায়ী সকলে লকডাউনত সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এই সিন্ধান্ত গ্ৰহণ কৰা বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ “ইমা মাৰ্কেট খন সময়ত বন্ধ কৰাৰ ফলত ৰাজ্যখনত ক’ভিড বহু পৰিমাণে নিয়ন্ত্ৰণ হ’ল ৷ ইয়াৰ বাবে প্ৰতিগৰাকী মহিলা ব্যৱসায়ীক ধন্যবাদ জনাইছোঁ”-এনেদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷  এবাৰকৈ  চৰকাৰক বজাৰ চৌহদ পৰিস্কাৰ কৰাৰ সুবিধা দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বিগত দিনত এই বজাৰখন বন্ধ থকাৰ বাবে ৩,৮৭৯ কোটি টকা ৰাজ্যখনৰ লোকচান হৈছে ৷ চেপটুৱাজেৰিয়ান লাইশ্ৰম মেমা নামৰ ৪৫ বছৰীয়া ব্যৱসায়ী গৰাকীয়ে কয় “ লকডাউনত বজাৰখন বন্ধ থকাৰ বাবে আমাৰ বহুতো ব্যৱসায়ীয়ে দৈনিক হাজিৰা কৰিবলগীয়া হৈছিল ৷ আমি সেয়ে সদায় চৰকাৰক বজাৰখন মুকলি কৰি দিয়াৰ বাবে আহ্বান জনাই আহিছিলোঁ ৷ আজি আমি বহুত সুখী ৷ ”