বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মিথুন বিজেপিলৈ !

মিথুন বিজেপিলৈ !

ভগত -মিথুনৰ বৈঠকক লৈ গুণাগথাঁঁ

কলকাতা,১৬ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মূৰব্বী মোহন ভগতে আজি পুৱাই বলিউড অভিনেতা মিথুন চক্ৰৱৰ্তীক সাক্ষাৎ কৰে ৷ মিথুন চক্ৰৱৰ্তীক আজি ভগতে পশ্চিম মালদৰ মাধ অঞ্চলত থকা তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে ৷ এই সাক্ষাতে যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷ কিয়নো ৭০ বছৰীয়া বলিউড অভিনেতাজনে ৰাজনীতিত যোগদানৰ ইংগিত বহন কৰা বুলি বহুতে ক’ব খুজিছে ৷ “আপোনালোকে কোনো কথাই এনেই ভাবি নল’ব ৷ ভগতৰ লগত মোৰ এটা আধ্যাত্মিক সম্পৰ্ক আছে ৷ আমি দুয়ো লক্ষ্ণৌত লগ পাইছিলো আৰু তেতিয়াই মই তেওঁ মুম্বাইলৈ আহিলে মোৰ ঘৰলৈ আহিবলৈ আমন্ত্ৰণ জনাইছিলোঁ আৰু মোৰ অনুৰোধ ৰক্ষা কৰি তেওঁ আমাৰ ঘৰলৈ আহিছিল”- মিথুন চক্ৰৱৰ্তীয়ে এনেদৰে কয় ৷ উল্লেখযোগ্য যে মিথুন চক্ৰৱৰ্তী পশ্চিমবংগত যথেষ্ট জনপ্ৰিয় আৰু ২০১৬ চনলৈ তেওঁ ৰাজ্যসভাত তৃণমূল কংগ্ৰেছক প্ৰতিনিধিত্ব কৰিছিল ৷