দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / এইয়া সোণ ক্ৰয়ৰ সময়

এইয়া সোণ ক্ৰয়ৰ সময়

সোণৰ মূল্য বিগত ৮ মাহত সৰ্বনিম্ন ৷

গুৱাহাটী,১৭ ফ্ৰেব্ৰুৱাৰী : সোণ ক্ৰয় কৰিব খোজাসকলৰ বাবে এটা সুখবৰ ৷ সোণৰ মূল্য বিগত ৫ দিনত ধাৰাবাহিক ভাৱে হ্ৰাস হৈ প্ৰতি ১০ গ্ৰামত ৪৬,৭০০ টকা স্পৰ্শ কৰিছে ৷ ইতিমধ্যে সোণৰ মূল্য বিগত মাহকেইটাত প্ৰায় ২০% হ্ৰাস হৈছে ৷ বিভিন্ন কাৰণৰ বাবে সোণৰ মূল্য আগন্তুক দিনত আৰু অধিক হ্ৰাস হ’ব বুলি আশা কৰা হৈছে ৷ উল্লেখযোগ্য যে সোণ সচৰাচৰ অলংকাৰ বনোৱাৰ বাবে ব্যৱহাৰ কৰাৰ ওপৰিও বিভিন্ন দেশৰ কেন্দ্ৰীয় বেংকসমুহেও জমা কৰে যাতে দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰত বিৰূপ প্ৰভাৱ নপৰে ৷ কেন্দ্ৰীয় বেংকসমূহ যেনে ভাৰতৰ ৰিজাৰ্ভ বেংকৰ ওপৰিও বিভিন্ন বিনিয়োগকাৰী প্ৰতিষ্ঠানে অৰ্থনৈতিক মন্দাবস্থাৰ সময়ত এক বিকল্প মাধ্যম হিচাপে সোণত বিনিয়োগ কৰে ৷ সাধাৰণতে পৌৰাণিক যুগৰে পৰা অৰ্থনৈতিক মন্দাৱস্থাৰ শংকা ঘনীভূত হলে সোণত বিনিয়োগ কৰাৰ মাত্ৰা বৃদ্ধি পায় কাৰণ সেইসময়ত শ্বেয়াৰ বজাৰ,বেংকৰ ফিক্সড ডিপজিত আদিত বিনিয়োগ কৰিলেও আশানুৰূপ ধৰণে লাভান্বিত হোৱাৰ সম্ভাৱনা কম থাকে ৷

গতিকে ২০০৮ ৰ বিশ্বজুৰি হোৱা অৰ্থনৈতিক মন্দাৱস্থাৰ সময়তো সোণৰ মূল্য যথেষ্ট বৃদ্ধি হৈছিল ৷ আনহাতে ২০২০ বৰ্ষ ক’ভিড মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰৰেক্ষিতত সমগ্ৰ বিশ্বব্যাপী অৰ্থনৈতিক মন্দাৱস্থাৰ সূচনা হৈছিল ৷ সেইবাবেই ২০২০বৰ্ষৰ আৰম্ভণিৰ পৰাই সোণৰ মূল্য যথেষ্ট পৰিমাণে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল ৷ কিন্তু সদ্যহতে ক’ভিড মহামাৰীৰ প্ৰতিষেধক আৱিষ্কাৰ হোৱাই নহয়,ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত এই প্ৰতিষেধক প্ৰদান কৰা কাৰ্য্য আৰম্ভ হৈছে ৷ ইয়াৰ সমান্তৰালকৈ দেশসমূহৰ অৰ্থনৈতিক বিকাশৰ হাৰ আগন্তুক দিনত পুনৰ যোগাত্মক দিশে গতি কৰাৰ পূৰ্ণ সম্ভাৱনা আহি পৰিছে ৷ গতিকে বিনিয়োগকাৰীসকলে সোণৰ পৰিৱৰ্তে পুনৰ শ্বেয়াৰ বজাৰ বা আন সচৰাচৰ বিনিয়োগৰ মাধ্যতসমূহত বিনিয়োগ কৰা আৰম্ভ কৰিছে ৷ গতিকে সোণৰ মূল্য আগন্তুক দিনত অধিক হ্ৰাস হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷