বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কাইলৈ ৰেল ৰৈ যাব !

কাইলৈ ৰেল ৰৈ যাব !

কিষাণ মৰ্চাই জনাইছে আহ্বান

নতুন দিল্লী,১৭ ফেব্ৰুৱাৰী : ভাৰতীয় কিষাণ মৰ্চাৰ সভাপতি ৰাকেশ টিকায়েটে কাইলৈ ৰেল ৰক’অৰ্থাৎ ৰেল ৰখোৱা আন্দোলনৰ কাৰ্যসূচী আৰম্ভ হ’ব বুলি জানিবলৈ দিছে ৷ তিনিখন কৃষি আইন প্ৰত্যাহাৰৰ দাবীত কাইলৈ দিনৰ ১২ বজাৰ পৰা ৪ বজালৈ এই কাৰ্যসূচী ৰূপায়ণ কৰিব সংগঠনটোৱে ৷ টিকায়েটে লগতে কয় যে ক’ভিডৰ সকলো নিষেধাজ্ঞা উঠাই লোৱা হ’ল যদিও এতিয়াও যাত্ৰীবাহী ৰেল চলাচলত অনুমতি প্ৰদান কৰা হোৱা নাই যিটোৱে প্ৰচণ্ড ক্ষতি কৰিছে সাধাৰণ জনতাক ৷ সংযুক্ত কিষাণ মৰ্চা ,প্ৰতিবাদী কৃষকৰ যৌথ মঞ্চই  কাইলৈ আহ্বান জনোৱা ৰেল ৰখোৱা কাৰ্যসূচীৰ প্ৰতি পূৰ্ণ সহযোগিতা আগবঢ়াইছে তেওঁৰ গাঁৱৰ কৃষকসকলেও ৷ ৰেল বিভাগে যিকোনোধৰণৰ সাম্ভাৱ্য পৰিস্থিতি মোকাবিলা কৰিবলৈ এক বিশেষ ৰেল সুৰক্ষা বাহিনী কাইলৈৰ বাবে নিয়োগ কৰিছে ৷