শনিবাৰ, ২৪ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ছাহাৰৰ ভূমি অধিগ্ৰহণ

ছাহাৰৰ ভূমি অধিগ্ৰহণ

বিনিয়োগকাৰীক ধন নিদিয়াৰ ফল পালে ছাহাৰাই

নতুন দিল্লী,১৭ ফেব্ৰুৱাৰী : মধ্য প্ৰদেশৰ গোৱালিয়ৰ নগৰৰ কাষতে থকা ছাহাৰাৰ ৩১২বিঘা ভূমি গ্ৰাহকক ধন উভতাব নোৱাৰাৰ বাবে গোৱালিয়ৰ নগৰৰ ভূমি অধিগ্ৰহণ কৰি ইয়াৰ অন্তৰ্ভুক্ত কৰা হৈছে ৷ বিনিয়োগকাৰীৰ ধন সুৰক্ষিত ৰখা আইনৰ অধীনত গোৱালিয়ৰৰ জিলা দণ্ডাধীশ কৌশলেন্দ্ৰ বিকাশ সিঙে এই সিন্ধান্ত গ্ৰহণ কৰিছে ৷ অধিগ্ৰহণ কৰা ভূমিৰ মূল্য প্ৰায় ৩০ কোটি হ’ব ৷ বিনিয়োগকাৰীয়ে অভিযোগ দাখিল কৰাৰ পিছত মধ্যপ্ৰদেশ চৰকাৰে এই সিন্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয় ৷ উল্লেখযোগ্য যে ছাহাৰাই এই ধন সংগ্ৰহৰ সময়ত ৰিজাৰ্ভ বেংকৰ পৰা  কোনোধৰণৰ অনুমতি লোৱা নাছিল ৷ বিনিয়োগকাৰীৰ ধন ছাহাৰাৰ বিভিন্ন কোম্পানীত বিনিয়োগ কৰা হৈছিল আৰু বিনিয়োগৰ ম্যাদ শেষ হোৱাৰ পিছতো সেই ধন গ্ৰাহকক ঘূৰাই দিয়া হোৱা নাছিল ৷ অতিৰিক্ত জিলা দণ্ডাধীশ আৰু চিট ফাণ্ড ন’ডেল অফিচাৰ টি এন সিঙে কয় যে ছাহাৰাই বিভিন্ন বিভিন্ন সমবায়ৰ নামত জনসাধাৰণৰ পৰা সংগ্ৰহ কৰা ধন  বিনিয়োগ কৰিছিল আৰু আৰ্থিকভাৱে কোম্পানী লাভান্বিত হৈছিল ৷