মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / বিজেপিৰ প্ৰতিশ্ৰুতি ভুৱা,কংগ্ৰেছৰহে সঁচা বোলে

বিজেপিৰ প্ৰতিশ্ৰুতি ভুৱা,কংগ্ৰেছৰহে সঁচা বোলে

বিকাশৰ নামত একো নহ’ল

ৰহা,১৭ ফেব্ৰুৱাৰী : নিৰ্বাচনৰ আগতে বিজেপি পৰিবৰ্তনৰ শ্ল’গান সবকা -সাথ , সবকা বিকাশৰ প্ৰতিশ্ৰুতিৰে দিল্লীৰ লগতে অসমতো চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল যদিও দিল্লীত ছয় বছৰীয়া কাৰ্যকাল আৰু অসমৰ পাঁচ বছৰীয়া কাৰ্যকাল অতিক্ৰম কৰা চৰকাৰ কেইখনে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে ৷ এই মন্তব্য কৰে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷ বুধবাৰে  ৮২ নং ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাপৰমুখ বি বি হানচাৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা এক বুথ সংকল্প সমাৰোহত অংশ গ্ৰহণ কৰি দিয়া ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় “কংগ্ৰেছে দেশক স্বাধীনতা দিয়ালে , দেশত একমাত্ৰ কংগ্ৰেছ দলেহে হিন্দু, মুছলমানৰ লগতে অন্য ধৰ্মালম্বী লোক সকলৰ মাজত সম্প্ৰীতিৰ বান্ধোনৰে থকাৰ পৰিবেশ গঢ়িব পাৰে ৷

এজন সৈনিকে যি দৰে গুলী বাৰুদ লৈ যুদ্ধ কৰি দেশ ৰক্ষা কৰে একে দৰে আমিও ৰাইজৰ ওচৰত থাকি দেশৰ উন্নয়ন কৰিব বিছাৰোঁ ৷ ”আনহাতে, কংগ্ৰেছৰ বাহিৰে অন্য দল শাসনলৈ আহিলে দেশত ধৰ্মীয় উৎপীড়ন বৃদ্ধি পায় ৷ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি বোৰ পূৰণ কৰাৰ বিপৰীতে এটা এটাকৈ দেশৰ সম্পত্তি বোৰ বিক্ৰীহে কৰিছে বুলিও মন্তব্য কৰি লগতে তেওঁ কয় যে অসমৰ সভ্যতা-সংস্কৃতি বচাবলৈ হ’লে জনসাধাৰণে কংগ্ৰেছক ভোট দিব লাগিব।

কঠিয়াতলী মণ্ডল কংগ্ৰেছৰ সভাপতি বেনু আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সংকল্প সমাৰোহ খনত ৰকিবুল হুচেইনে বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি কয়, “বিজেপিৰ অপশাসন আৰু ভুৱা প্ৰতিশ্ৰুতিত বৰ্তমান অসমৰ ৰাইজ ক্ষুব্ধ হৈছে , আগন্তুক দিনত ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ হোৱাতো নিশ্চিত৷”ৰহা ব্লক কংগ্ৰেছৰ সম্পাদক জনাৰ্দন শইকীয়াই আঁত ধৰা সভা খনত মুখ্য প্ৰশিক্ষক হিচাপে অটল শ্ৰীবাস্তৱে বুথ কমিটিৰ সভাপতি সম্পাদক সকলে নিজ নিজ বুথৰ ভোটাৰ সকলৰ লগত কি দৰে সমন্বয় ৰাখিব লাগে সেই সম্পৰ্কে পৰামৰ্শ দিয়ে ৷ সভাত প্ৰাক্তন বিধায়ক দূৰ্লভ চমুৱা ,জিলা কংগ্ৰেছৰ বিষয়ববীয়া গৌৰাঙ্গ বৰা , মনিমালা বৰাৰ লগে ৰহা সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী গুনেশ্বৰ দাস, শশী কান্ত দাস,দীপ দাসৰ লগতে বহু সংখ্যক নেতা কৰ্মী উপস্থিত থাকে ৷