বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ভিক্ষাৰীমুক্ত হ’ব ইন্দোৰ

ভিক্ষাৰীমুক্ত হ’ব ইন্দোৰ

সংস্থাপিত কৰিব ভিক্ষাৰীক

ভূপাল,১৭ ফেব্ৰুৱাৰী : মধ্যপ্ৰদেশ চৰকাৰে ইয়াৰ বাণিজ্যিক চহৰ ইন্দোৰক ভিক্ষাৰী মুক্ত কৰিব বিচাৰিছে ৷ ইয়াৰ বাবে চৰকাৰে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ  কৰিছে ৷ ভিক্ষাৰী পুনৰসংস্থাপনৰ বাবে ইতিমধ্যে ইন্দোৰৰ জিলা দণ্ডাধীশ মণীষ সিঙে ভিক্ষাৰীৰ তথ্য সংগ্ৰহ কৰিছে ৷ ভিক্ষাৰীৰ পুনৰ সংস্থাপনৰ লগতে চিকিৎসা,খাদ্য,বস্ত্ৰ আদিৰ যোগান ধৰা হ’ব এই ব্যৱস্থাৰ জৰিয়তে ৷ উল্লেখযোগ্য যে বিগত জানুৱাৰী মাহত গুৰুতৰ অভিযোগ উঠিছিল যে পৌৰনিগমে অঘৰী লোকসকলক নিগমৰ গাড়ীত তুলি চহৰৰ বাহিৰত সামগ্ৰীৰ দৰে থৈ আহিছিল ৷ এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে ৰাজ্যখনত তীব্ৰ বিক্ষোভ হৈছিল ৷ সেয়ে চৰকাৰে এই লোকসকলৰ পুনৰসংস্থাপনৰ সিন্ধান্ত গ্ৰহণ কৰে ৷