বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / সাইবাবা হ’ল জালোটা

সাইবাবা হ’ল জালোটা

সংগীতৰো নিৰ্দেশনা দিব তেওঁ

মুম্বাই,১৭ অক্টোবৰ : গায়ক তথা ‘বিগ বচ’ৰ প্ৰতিযোগী অনুপ জালোটাই শেহতীয়াকৈ সত্যসাই বাবাৰ জীৱনৰ ওপৰত আধাৰিত এখন চলচ্চিত্ৰত অভিনয় কৰাৰ পিছত চলচ্চিত্ৰখনৰ সংগীতৰো  নিৰ্দেশনা কৰিব ৷ সত্য সাই বাবাৰ দ্বিতীয় খণ্ডৰ শ্বুটিঙৰ কাম ইতিমধ্যে আৰাম্ভ হৈছে ৷ সাইবাবা দ্বিতীয়ত জালত,চৰিকা ৰানধাৱা,একতা জৈন,পংকজ বেৰী,সোমাক্ষী,অনিল নাগৰথ আদিয়ে অভিনয় কৰিব ৷ “এই দৃশ্যত আৰু কেইবাগৰাকী অভিনেতাক দেখা পোৱা যাব ৷ কাৰণ মই ইয়াক অলপ বেলেগ ৰূপ দিব বিচাৰিছোঁ”- এনেদৰে কয় জালোটাই ৷ সত্যসাই বাবাৰ প্ৰথম খণ্ডটো ইতিমধ্যে মুক্তি লাভ কৰিছে বিগত ২৯ জানুৱাৰীত ৷ দৰ্শকৰ যথেষ্ট সমাদৰো লাভ কৰিছে এই জীৱনীমূলক চলচ্চিত্ৰখনে ৷

জালোটাই কয় “মই সত্যসাইক আজিৰ পৰা ৫৫ বছৰ আগতে লগ পাইছিলোঁ ৷ মোৰ তেতিয়া বয়স হৈছিল মাত্ৰ ১২ বছৰ ৷ মোৰ দেউতা আৰু মই গজল পৰিৱেশন কৰিছিলোঁ ৷ তেওঁ খুব সুখী হৈছিল ৷ ”উল্লেখযোগ্য যে  সত্যসাই বাবা এজন গুৰু আছিল আৰু তেওঁ এটা তেলেগু পৰিয়ালত জন্ম হৈছিল ৷ তেওঁৰ ১২ বছৰ বয়সত তেওঁ ঘৰ এৰি গুছি আহিছিল আৰু তেওঁ নিজকে সিদ্ধি সাই বাবাৰ পুনৰ অৱতাৰ বুলি ক’ব খোজে ৷ ২০০১ চনৰ এপ্ৰিলত তেওঁ ইহলীলা সম্বৰণ কৰিছিল ৷