দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / আধাৰশিলা হ’ল কিন্তু দ্বিতীয়বাৰৰ বাবে

আধাৰশিলা হ’ল কিন্তু দ্বিতীয়বাৰৰ বাবে

মাজুলীবাসীৰ সপোন পূৰণ হ’ল !

মাজুলী,১৮ ফেব্ৰুৱাৰী : মাজুলীবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত অৱশেষত যোৰহাট আৰু মাজুলী সংযোগী দলঙৰ আজি ভাৰ্চুৱেল শুভাৰম্ভণি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

দিল্লীৰ পৰা ভাৰ্চুৱেল পদ্ধতিৰে প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰা আজিৰ এই অনুষ্ঠানটোত উপস্থিত থাকে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী , আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা,অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,অন্যান্য মন্ত্ৰী, বিধায়কসকলৰ লগতে আজিৰ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰয় সহস্ৰাধিক মাজুলীবাসী ৰাইজ ।

প্ৰায় ৬.৮কি মি. দৈঘ্যৰ মাজুলীৰ কমলাবাৰী আৰু যোৰহাটৰ নিমাতীঘাটক সংযোগ কৰা ৯২৫.৪৭ কোটি টকাৰে ৪ বছৰৰ ভিতৰত নিৰ্মাণ হ’বলগীয়া দুই লেন যুক্ত এই দলঙখনৰ নিৰ্মাণৰ কামৰ নিবিদা লাভ কৰিছে উত্তৰ প্ৰদেশৰ এটা সংস্থাই ।