বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / তৃণমূল মন্ত্ৰীৰ গালৈ বোমা

তৃণমূল মন্ত্ৰীৰ গালৈ বোমা

গুৰুতৰভাৱে আহত মন্ত্ৰী সহ কেইবাজনো

কলকাতা,১৮ অক্টোবৰ : পশ্চিমবংগৰ নিমতিতা ৰেল ষ্টেচনত যোৱা নিশা তৃণমূল কংগ্ৰেছৰ নেতা তথা মমতা বেনাৰ্জী চৰকাৰৰ উপ শ্ৰম মন্ত্ৰী জাকিৰ হুছেইনৰ ওপৰত অচিনাক্ত দুৰ্বৃত্তই বোমাৰে আক্ৰমণ চলায় ৷ উক্ত আক্ৰমণত আন কেইবাজনো তৃণমূল কৰ্মী আহত হৈছে ৷ ঘটনাটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তৃণমূল কংগ্ৰেছৰ নেতা আবু তাহেৰ খানে কয় যে জাকিৰ হুছেইনৰ বাওঁফালে ভৰিৰ পৰা মূৰলৈ আঘাত পাইছে ৷ উল্লেখযোগ্য যে ৰাজ্যখনৰ মুৰ্ছিদাবাদ জিলাত সবাতোকৈ বেছি ইছলাম ধৰ্মাৱলম্বী লোকে বসবাস কৰে ৷ ইয়াৰ জনসংখ্যাৰ ৬৬.২৮ % লোক মুছলমান ৷ “হুছেইন এগৰাকী উদ্যোগপতি আৰু ব্যৱসায়ী ৷ তেওঁ গাড়ীৰ পৰা নামি ষ্টেচনৰ দিশে যাব খোজাৰ সময়তে উক্ত বোমা বিস্ফোৰণ সংঘটিত হয় ৷ মই তেওঁক পুৱা লগ পাইছিলোঁ,তেওঁ কিন্তু তেতিয়া মোক কোনোধৰণৰ ভাবুকিৰ কথা কোৱা নাছিল ৷ এই কাম নিশ্চয় ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰাই সংঘটিত হৈছে”-এনেদৰে কয় খানে ৷ আনহাতে,কংগ্ৰেছৰ ৰাজ্যিক সভাপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় “ তেওঁ এগৰাকী সৎ আৰু কষ্ট কৰিব পৰা লোক ৷ তেওঁ যি হৈছে সেইয়া কেৱল নিজৰ কষ্টৰ বাবে ৷ তৃণমূলৰ অন্তঃকন্দলৰ বাবেও এই ঘটনা সংঘটিত হ’ব পাৰে ৷ সঠিক তদন্তই হে প্ৰকৃত  দোষীক বিচৰাত সহায় কৰিব ৷ ”