দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / প্ৰেছ কাৰ্ড ‘অনুজ্ঞাপত্ৰ’ নহয় ই এক বিশেষ সুবিধাহে

প্ৰেছ কাৰ্ড ‘অনুজ্ঞাপত্ৰ’ নহয় ই এক বিশেষ সুবিধাহে

দেশৰ সংবাদমাধ্যম এতিয়া সঁচা আৰু মনে সজা কাহিনীৰ সন্ধিক্ষণত

লিখিছে পৰিচালন সম্পাদক প্ৰণৱ বৰাই গুৱাহাটী,১৮ ফেব্ৰুৱাৰী : সমগ্ৰ দেশ অৰ্থাৎ ভাৰত আৰু আমাৰ ৰাজ্য অসমৰ সংবাদমাধ্যম আজি গভীৰ সংকটত ৷ প্ৰতিযোগিতাৰ দৌৰত তিস্তি থাকিবলৈ আৰু কম সময়ত সফলতা লাভ কৰিবলৈ কিছুসংখ্যক ‘সাংবাদিকে’ লৈছে সহজ উপায় ৷ আজি গুৱাহাটীত কেইজনমান তথাকথিত ‘সাংবাদিক’ কাৰাগাৰৰ আলহী হ’বলগীয়া হৈছে ৷ সাংবাদিকতা এতিয়া ইমান তৰল পৰ্যায় পাইছেগৈ যে  বহুত সম্পাদক তথা স্বত্তাধিকাৰীয়ে বুম বিক্ৰী কৰিও মাহেকৰ মূৰত নিৰ্দিষ্ট এক ধন সংগ্ৰহ কৰি আহিছে ৷ এখন প্ৰেছ কাৰ্ড অথবা সাংবাদিকতাৰ প্ৰমাণ পত্ৰ অথবা বুম এটাৰ গৰাকী হ’লে গুৰু গোঁসাই নগণা হয় এই ‘সাংবাদিকসকল’ ৷

এই সকল সাংবাদিকে এনে ‘বিনিয়োগ’কৰি থোৱাৰ বাবেই তেওঁলোকৰ সংবাদ,তেওঁলোকে সংগ্ৰহ কৰি দিয়া দৃশ্যশ্ৰব্য আদি বাধাহীনভাৱে প্ৰচাৰিত হয় পৰ্টেল অথবা সংবাদমাধ্যমত ৷ অৱশ্যে এই ‘পৰম্পৰা’ নতুন নহয় ৷ এনেদৰেই চলি আহিছে এই জগতখন ,নিউজ আৰু পেইড নিউজ দুটা ভাগত বিভক্ত হৈ ৷ কৰ’না মহামাৰীয়ে এই জগতখন আগতকৈ কিছু সংকুচিত কৰিলে৷বহু চেনেল,কাকত বন্ধ হ’ল ৷ সেয়ে  বহুতেই কম বিনিয়োগেৰে আৰম্ভ কৰিলে পৰ্টেলসমূহ৷লগে লগে আৰম্ভ হ’ল এক পক্ষীয় সংবাদ পৰিবেশন,মানুহৰ ব্যক্তিগত জীৱনক লৈ আক্ৰমণ আদি ৷ এইবোৰ সংবাদকে এচামে ব্ৰেকিং ,প্ৰাইম টাইম নিউজ আদি বুলি সম্প্ৰচাৰ কৰি সংবাদ পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিলে৷তাতে আকৌ চৰকাৰে তাহানিতে আৰম্ভ কৰা অতীতৰ পৰা চলি অহা কাকতৰ প্ৰচলনৰ সংখ্যা অধিক হ’লেই বিজ্ঞাপন বেছিকৈ পোৱাৰ ‘পৰম্পৰা’ৰ দৰেই এতিয়া পৰ্টেলত ‘লাইক’ অথবা ‘ফলৱাৰ’ অৰ্থাৎ অনুগামীৰ সংখ্যা বৃদ্ধিয়ে বিজ্ঞাপনৰ মূল্য নিৰ্ধাৰণ কৰি আহিছে ৷

ব্ৰেকিং নিউজ দিয়াৰ নিগনি দৌৰত প্ৰকৃত খবৰ দিওঁতাৰ ‘গুৰুত্ব’ হ্ৰাস পাইছে৷তথ্যসম্বলিত ৰিপৰ্ট হ্ৰাস হৈ আহিছে ৷ এতিয়া এই সমস্যা সমাধানৰ বাবে কি কৰা উচিত তাক লৈ চিন্তা কৰাৰ সময আহি পৰিছে ৷ সংবাদ প্ৰতিষ্ঠানে ইয়াৰ চতুৰ্থ স্তম্ভৰ স্থান পুনৰ ঘূৰাই আনিবলৈ কি কৰি উচিত ? প্ৰেছ কাউঞ্চিল অব ইণ্ডিয়া,এডিটৰচ গীল্ড আদিয়ে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা অৰ্থাৎ নেতৃত্ব ল’ব লাগিব ! সমগ্ৰ দেশৰ চুকেকোণে থকা প্ৰেছ ক্লাৱবোৰেও এই ক্ষেত্ৰত আগভাগ ল’ব লাগিব৷ সকলোতকৈ গুৰত্বপূৰ্ণ বিষয়টো হ’ল প্ৰেছ কাৰ্ড খন সাংবাদিক অথবা সাংবাদিকতাৰ বাবে ‘অনুজ্ঞাপত্ৰ’ নহয়,ই এক সুবিধা অৰ্থাৎ বিশেষ এক শ্ৰেণীক প্ৰদান কৰা অধিকাৰহে ৷