বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / মোহভংগ নে ভবিষ্যতৰ চিন্তা !

মোহভংগ নে ভবিষ্যতৰ চিন্তা !

সতি-সন্ততি লৈ ঘূৰিল ঘৰলৈ

চৰাইদেউ, ১৮ ফেব্ৰুৱাৰী : পৰিয়ালৰ নিৰাপত্তাৰ স্বাৰ্থত ইজনৰ পাছত সিজনকৈ দুধৰ্ষ আলফা সদস্যৰ আত্মসমপৰ্ণে  নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ৰ  ৰাজহাড় ভাঙি পেলোৱাৰ উপক্ৰম ঘটাইছে। উল্লেখ্য যে কেইদিনমান পূৰ্বে আলফা স্বাধীনৰ এগৰাকী জ্যেষ্ঠ নেতাই আত্মসমৰ্পন কৰাৰ লগতে ১৩ ফেব্ৰুৱাৰীত দুটা সন্তানসহ সোণাৰিত দুধৰ্ষ আলফা স্বাধীনৰ সদস্যা জুৰি অসম ওৰফে নিতালী কছাৰীয়ে আত্মসমপৰ্ণ কৰিছিল। নিতালীৰ ঘৰ সোণাৰিৰ লাকিলী গাৱঁত বুলি জানিবলৈ দিছিল আৰক্ষীয়ে।

 
আনহাতে, আজি পুনৰ আন এগৰাকী আলফা স্বাধীনৰ কেডাৰে এটি পুত্ৰ সন্তান সহ আত্মসমপৰ্ণ কৰা কাৰ্যই আচলতে নিষিদ্ধ ঘোষিত সংগঠনটোৰ ভিতৰচ’ৰাত তীব্ৰ সংকটৰ সন্মুখীন হৈয়ে আত্মসমপৰ্ণ কৰা বুলি জানিব দিছে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই। ম্যানমাৰস্থিত আলফা স্বাধীনৰ শিবিৰৰ পৰা পোনে পোনে আহি অসম-নগালেণ্ড সীমান্তত অসম ৰাইফলচ তথা চৰাইদেউ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা আলফা স্বাধীনৰ কেডাৰগৰাকীৰ নাম ৰাখী অসম ওৰফে দীপা গগৈ বুলি জানিবলৈ দিছে চৰাইদেউ জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে।

তেখেতে জানিবলৈ দিয়া অনুসৰি ২০১২ চনতে আলফা স্বাধীনত যোগদান কৰা কেডাৰগৰাকীৰ  স্বামী  তীব্ৰজিত অসম ওৰফে ভটং সম্প্ৰতি ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত আছে।
ইফালে সোণাৰি আৰক্ষী থানাত বৰ্তমান সোধাপোছা অব্যাহত ৰখা আলফা স্বাধীন ত্যাগ কৰা ৰাখী অসম ওৰফে দীপা অসমে পৰিয়ালৰ নিৰাপত্তাৰ স্বাৰ্থতে মূলসুঁতিলৈ ঘুৰি অহা বুলি জানিব পৰা গৈছে।