বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / সোণাৰি বোলে এইবাৰ কংগ্ৰেছৰ

সোণাৰি বোলে এইবাৰ কংগ্ৰেছৰ

জোৰদাৰ গতিত আগবঢ়াইছে প্ৰচাৰ

চৰাইদেউ, ১৮ ফেব্ৰুৱাৰী : আগন্তুক বিধানসভা নিৰ্বাচনত অসমত কংগ্ৰেছ দলে ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব। শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ প্ৰতি  জনসাধাৰণ বিতুষ্ট হৈছে । ভাল দিনৰ অপেক্ষাত থকা ৰাইজে এতিয়া বুজি পাইছে এই চৰকাৰৰ দিনত ভাল দিন কেতিয়াও ঘূৰি নাহে। দিনক দিনে বিভিন্ন সমস্যাত জুৰুলা হ’বলৈ ধৰিছে সাধাৰণ জনতা।  ফলত এতিয়া অসমৰ জনতাই পুনৰ কংগ্ৰেছ দলৰ প্ৰতি আকৰ্ষিত হৈ আগন্তুক নিৰ্বাচনত দিছপুৰ দখলত কংগ্ৰেছ দলক সহযোগিতা আগবঢ়াব বুলি আশা কৰা হৈছে । এই মন্তব্য ছত্তীশগড় ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সংসদীয় উপদেষ্টা ৰাজেশ তিৱাৰীৰ। সোণাৰিত অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ এখন বিশেষ সাংগঠনিক সভাত এই মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

উল্লেখ্য যে আজি সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি পৱিত্ৰ শইকীয়াৰ সভাপতিত্বত সোণাৰি সমষ্টিৰ কংগ্ৰেছ দলৰ বুথ সমূহৰ কৰ্মী সকলৰ এখন “বুথ সংকল্প ” সভা অনুষ্ঠিত হৈ যায় ৷ সমষ্টিটোৰ প্ৰায় সকলো বুথৰ কৰ্মী সকলে অংশ গ্ৰহণ কৰা এই বুথ সংকল্প শিৱিৰত উপস্থিত থাকে ছত্তীশগড় ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সংসদীয় উপদেষ্টা ৰাজেশ তিৱাৰী,নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আগন্তুক নিৰ্বাচনৰ বাবে দলীয় সাংগঠনিক দিশ সুদৃঢ় কৰিবলৈ নিয়োগ কৰা ৰাষ্ট্ৰীয় সমন্বয়ক পংকজ গেড্ডৱাৰ , অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক সুৰুজ দিহিঙীয়া , চৰাইদেউ জিলা কংগ্ৰেছৰ তত্বাৱধায়ক মৃগাংক বৰুৱা , প্ৰদেশ কংগ্ৰেছে দায়িত্ব দিয়া প্ৰশিক্ষক টি এন প্ৰাণ আৰু বিজিত দত্তৰ উপৰিও সমন্বয়ক নৃপেন কোঁৱৰ ,জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুণু সন্দিকৈ ,সোণাৰি সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব প্ৰত্যাশী তিনি যুৱ নেতা ক্ৰমে অনুজ বৰকটকী , উৎপল গগৈ , সুশীল চুড়ীৰ লগতে সাপেখাটি ,সোণাৰি নগৰ আৰু পশ্চিম অভয়পুৰ ব্লক কংগ্ৰেছ  ,মণ্ডল , বুথ ,যুৱ কংগ্ৰেছ ,মহিলা কংগ্ৰেছ ,সেৱাদল NSUI ৰ নেতৃবৃন্দৰ লগতে কৰ্মী সকল ৷

ইফালে এই সভাত অংশগ্ৰহণ কৰি চৰাইদেউ জিলা কংগ্ৰেছৰ সম্পাদক অনুজ বৰকটকীয়ে আগন্তুক নিৰ্বাচনত সোণাৰি সমষ্টিবাসীয়ে বিজেপি দলৰ বিৰুদ্ধে ভোটদান কৰিব বুলি আশা প্ৰকাশ কৰে। তেখেতে কয়, “এসময়ত কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত সোণাৰি বিধানসভা সমষ্টিৰ উন্নয়নত বৰ্তমানৰ বিজেপি বিধায়িকা নৱনীতা সন্দিকৈ সম্পূৰ্ণ বিফল হৈছে। সমষ্টিটোৰ সমস্যা সমাধানৰ বাবে বিধায়িকা গৰাকীয়ে তিলমানো চেষ্টা নকৰিলে বিগত ডেৰটা বছৰে। ফলত এতিয়া জনসাধাৰণে বিজেপি দলক সোণাৰি সমষ্টিৰ পৰা উফৰাই পেলোৱাৰ সংকল্প লৈছে। এইবাৰ সোণাৰি সমষ্টি কংগ্ৰেছ দলৰ হাতলৈ অহাটো নিশ্চিত ৷ ”