শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / অভিযান চলিছে ১৩ টা স্থানত

অভিযান চলিছে ১৩ টা স্থানত

কয়লাৰ চোৰাং কাৰবাৰীৰ বিৰুদ্ধে অভিযান

কলকাতা,১৯ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় অনুসন্ধান সংস্থা অৰ্থাৎ চিবিআইয়ে আজি পশ্চিমবংগত মুঠ ১৩ টা স্থানত অভিযান চলাইছে ৷ পুৰুলিয়া,পশ্চিম বৰ্ধমান,বানকুৰা আদি ঠাইত এই অভিযান চলাইছে সংস্থাটোৱে ৷ কয়লাৰ চোৰাং ব্যৱসায়ৰ  কেলেংকাৰীৰ লগত জড়িতসকলৰ বিৰুদ্ধে এই অভিযান চলিছে ৷ কলকাতাৰ অমিয় ষ্টীল ,জয়দীপ মণ্ডল নামৰ ব্যৱসায়ী জনৰ ঘৰত এই অভিযান চলিছে ৷ এক বিশেষ সূত্ৰৰ পম খেদি সংস্থাটোৱে এই অভিযান চলাইছে ৷ সংস্থাটোৱে বিগত নবেম্বৰ মাহত ইষ্টাৰ্ণ ক’লফিল্ডৰ প্ৰবন্ধক অমিত কুমাৰ ধৰ আৰু জয়েশ চন্দ্ৰ ৰায়ৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল ৷