শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ‘অৰ্থনৈতিক সন্ত্ৰাস’ চলিছে দেশত

‘অৰ্থনৈতিক সন্ত্ৰাস’ চলিছে দেশত

১৬ চনত তালফাল লগোৱাবোৰ এতিয়া বোবা

নতুন দিল্লী,১৯ফেব্ৰুৱাৰী : ভাৰতীয় জনতা পাৰ্টিয়ে দেশত অৰ্থনৈতিক সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ কংগ্ৰেছৰ মুখপাত্ৰ জয়বীৰ ছাৰগীলে কয়“ডকাইতে বন্দুকেৰে লুটে কিন্তু বিজেপিয়ে পেট্ৰল পাম্পৰ জৰিয়তে আমাক লুটিছে ৷ পেট্ৰল পাম্পত এতিয়া লিখা থকা উচিত যে চৰকাৰী লুটৰ বাবে খোলা পাম্প ৷ ১০০ টকাত ১ লিটাৰ পেট্ৰল এইয়া বিজেপি চৰকাৰে ঘৰে ঘৰে চলোৱা সন্ত্ৰাসৰ উৎকৃষ্ট নিদৰ্শন ৷ ২০১৪ চনত পেট্ৰলৰ মূল্য ৭১ টকা হোৱাৰ বাবে যিসকলে হুলস্থূল কৰিছিল আজি ১০০ টকা প্ৰতি লিটাৰ হওঁতে তেওঁলোকে কি কৰি আছে ? আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য একে থকাৰ পিছতো ভাৰতত আজি বিগত ১১দিন ১৫ -২০পইচাকৈ বাঢ়িয়েই আছে ৷ আজি দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৯০.১৯ টকা আৰু ডিজেলৰ মূল্য ৮০.৬০ টকা হৈছে গৈ ৷ কিন্তু নিজৰ দলৰে এই ডকাইতিত বিজেপিৰ নেতাসকলে আজি বোবা বেঙাৰ ভাও ধৰিছে ৷ ”