সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / আছুৱে কঁপালে সোণাৰি – নগাওঁ

আছুৱে কঁপালে সোণাৰি – নগাওঁ

মূল্যবৃদ্ধিৰ প্ৰতিবাদত চিলিণ্ডাৰ লৈ শ্লোগান

সোণাৰি/নগাঁও,১৯ ফেব্ৰুৱাৰী : সোণাৰিত আজি সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে ৷ ব্যাপক মূল্যবৃদ্ধিৰ প্ৰতিবাদতসন্মুখত গেছ চিলিণ্ডাৰ , অত্যাৱশ্যকীয় সামগ্ৰী লৈ প্ৰতিবাদ কৰে যথেষ্ট সংখ্যক  ছাত্ৰ-ছাত্ৰীয়ে। খাদ্য সামগ্ৰীকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সোণাৰিৰ লাচিত উদ্যানৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ জৰিয়তে  এই বিক্ষোভ কাৰ্যসূচী পালন কৰে ৷ যোগান বিভাগ তথা বিজেপি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত। আনহাতে,মূল্য বৃদ্ধিৰ প্ৰতিবাদত নগাঁৱতো ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

 পেট্ৰ’ল- ডিজেল, ৰন্ধন গেছকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি নগাঁও আঞ্চলিক ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ছাত্ৰ সন্থাৰ সদস্য সকলে মূল্য বৃদ্ধি ৰোধ কৰক, সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধোৱা বিজেপি চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায় আদি বিভিন্ন ধ্বনি দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে । নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ নগাঁও জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়া, সাধাৰণ সম্পাদক অমৰ জ্যোতি ফুকন, নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি চন্দন জ্যোতি বৰা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নৱজ্যোতি কাকতিৰ লগতে নগাঁৱৰ মহাবিদ্যালয় সমূহৰ আছু গোটৰ সদস্যকে ধৰি সন্থাৰ বহু কেইজন বিষয় ববীয়াই অংশগ্ৰহণ কৰে।