বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বাক স্বাধীনতাক সন্মান

বাক স্বাধীনতাক সন্মান

বাধা নিদিয়ে অমিতাভ-অক্ষয়ক

মুম্বাই,১৯ ফেব্ৰুৱাৰী : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ সভাপতি নানা পাটলে বলিউডৰ অভিনেতা অমিতাভ বচ্চন আৰু অক্ষয় কুমাৰৰ চলচ্চিত্ৰৰ শ্বুটিং আৰু মুক্তি নিষিদ্ধ কৰিব বুলি ঘোষণা কৰাৰ এদিন পিছতেই আজি দলটোৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য মুখপাত্ৰ ৰণদীপ সূৰ্যৱালাই কয় “ কংগ্ৰেছ দলে বাক স্বাধীনতাক শ্ৰদ্ধা কৰে ৷ সেয়ে মই ইতিমধ্যে নানা পাটলেৰ লগত এই বিষয়ে কথা পাতিছোঁ ৷ তেওঁ মোক জনাইছে যে আমাৰ দলৰ কোনো সদস্যই বাধা প্ৰদান নকৰে৷”কালি নানা পাটলেই অমিতাভ বচ্চন আৰু অক্ষয় কুমাৰক কঠোৰ সকীয়নি প্ৰদান কৰি কৈছিল“কংগ্ৰেছ দল আৰু ইউপিএ চৰকাৰক সমালোচনা কৰা অমিতাভ আৰু অক্ষয় কুমাৰে পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি,কৃষকৰ প্ৰতিবাদ আদি সম্পৰ্কত কোনোধৰণৰ মতামত প্ৰকাশ কৰা নাই ৷ বৰঞ্চ তেওঁলোকৰ সুৰবোৰ একেই ৷ সেয়ে এওঁলোক দুজনৰ সকলো শ্বুটিং আৰু চলচ্চিত্ৰৰ মুক্তি বন্ধ কৰিব ৷ ”পুনৰ তেওঁ কয় “মোডী চৰকাৰৰ দিনত পেট্ৰলৰ মূল্য ১০০ টকা হ’ল ,চিলিণ্ডাৰ ৮০০ টকা হ’ল,জনসাধাৰণৰ জীৱন বিপদাপন্ন হ’ল তথাপিও কোনো গুৰুত্ব নাই চৰকাৰৰ ৷ ”