মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বিজেপি নেত্ৰী গ্ৰেপ্তাৰ

বিজেপি নেত্ৰী গ্ৰেপ্তাৰ

নিষিদ্ধ কোকেইন কঢ়িয়াই আটক হ’ল পামেলা

কলকাতা,১৯ ফেব্ৰুৱাৰী : পশ্চিমবংগৰ ভাৰতীয় জনতা পাৰ্টিৰ যুৱ নেত্ৰী পামেলা গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে ৷ নিষিদ্ধ কোকেইন তেওঁৰ গাড়ীত উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰ হোৱা এই সামগ্ৰীৰ ওজন ১০০ গ্ৰাম ৷ নিষিদ্ধ কোকেইন কঢ়িয়াই ফুৰা এক জামিনবিহীন অপৰাধ ৷ তেওঁৰ বন্ধু প্ৰবীৰ কুমাৰ দে’কো এই অপৰাধত এন আৰ এভিনিউৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৷ গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁৰ লগত এজন নিৰাপত্তাৰক্ষীও আছিল ৷ আৰক্ষীৰ ওচৰত নিশ্চিত তথ্য আছিল কিয়নো তেওঁ সদায় একেটা স্থানলৈ গৈছিল আৰু তালৈ যোৱাৰ সময়ত তেওঁৰ গতিবিধি আছিল সন্দেহজনক ৷ আৰক্ষীৰ সন্মুখৰ পৰাই পামেলাই অৱশ্যে তেওঁক মিছা অপবাদ দিয়া বুলি চিঞৰি চিঞৰি কৈছে ৷ আনহাতে,নাম প্ৰকাশত অনিচ্ছুক এজন বিজেপি নেতাই কয় “তেওঁ নতুনকৈ দলত যোগদান কৰিছে ৷ তেওঁ একেবাৰে নিম্ন পৰ্যায়ৰ সদস্য৷ ”আনহাতে তৃণমূল কংগ্ৰেছৰ নেতা তথা মন্ত্ৰী সাধন পাণ্ডেই কয় “ কোন দলৰ সেইটো পিছত নিশ্চিত হ’ব আগতে তদন্ত কৰিবলৈ দিয়ক ৷ ”