বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বিহাৰতো প্ৰশ্ন ফাদিল

বিহাৰতো প্ৰশ্ন ফাদিল

তথ্য নাই চৰকাৰৰ

পাটনা,১৯ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱে বিহাৰ বৰ্ডৰ অধীনত অনুষ্ঠিত হৈ থকা দশম শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু শিক্ষামন্ত্ৰী গৰাকীৰ হাততো কোনো তথ্য নাই বুলি আজি সমালোচনা কৰিছে ৷ লগতে আজি বিহাৰ চৰকাৰৰ বাজেটক সমালোচনা কৰি তেজস্বী যাদৱে কয়“ইয়াত নতুনত্ব একো নাই ৷ কেৱল বিহাৰ বিধানসভাত কেন্দ্ৰৰ বাজেটৰ প্ৰতিচ্ছবিহে প্ৰতিফলিত হৈছে ৷ ”প্ৰশ্ন ফাদিল হোৱা বিষয়টো সম্পৰ্কত তেওঁ কয় “মই আজি যেতিয়া প্ৰশ্নকাকতৰ বিষয়টো উত্থাপন কৰিলোঁ,তেওঁলোকৰ কোনো প্ৰতিক্ৰিয়া নাছিল ৷ আজিকালি প্ৰশ্ন ফাদিল হোৱাৰ দৰে ঘটনা একেবাৰে সাধাৰণ ঘটনাৰ দৰে হৈছে ৷ তথাপিও কোনো গুৰুত্ব নাই দায়িত্বশীল বিষয়া তথা মন্ত্ৰীৰ ৷ কাৰোবাৰ জীৱন বিপন্ন হওক তালৈ গুৰুত্ব নাই কাৰো ৷ ৰাজ্যপাল ফাগু চৌহানে  সমৰ্থিত মূল্যত ধান ক্ৰয় কৰা হৈছে বুলি কয় কিন্তু এতিয়াও কৃষকে ৭০০ টকা মূল্যত ধান বিক্ৰী কৰি আছে ৷ এতিয়ালৈকে ২৬০ জন কৃষকে প্ৰতিবাদৰ সময়ত মৃত্যুক সাৱতি ল’লে ৷ আমি ইয়াৰ সন্মান জনাই বিধানসভাত শ্ৰদ্ধাঞ্জলি জনাব খোজাৰ বিষয়টো তেওঁলোকৰ গুৰুত্ব নাই ৷ এইয়াই নীতিশ কুমাৰৰ চৰকাৰ,চূড়ান্ত কৃষকবিৰোধী ৷ ”