শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Politics  / শিৱাজীহে আছিল ‘আত্মনিৰ্ভৰ ভাৰত’ৰ জনক

শিৱাজীহে আছিল ‘আত্মনিৰ্ভৰ ভাৰত’ৰ জনক

যুদ্ধত ব্যৱহৃত অস্ত্ৰ 'লোকেল' আছিল

পানাজী,১৯ ফেব্ৰুৱাৰী : ছত্ৰপতি শিৱাজী আৰু তেওঁৰ পুত্ৰ সম্ভুজীয়ে গোৱাত হিন্দু ধৰ্ম তথা সংস্কৃতি ৰক্ষা কৰিছিল ৷ যিটো সময়ত গোৱাত ধৰ্মান্তকৰণৰ উজান উঠিছিল সেই সময়ত শিৱাজী আৰু তেওঁৰ পুত্ৰই অকলেই যুঁজ দিছিল ৷ আজি গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ ছাৱন্তে শিৱাজী জয়ন্তী উপলক্ষে এনেদৰে মন্তব্য কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মেক ইন ইণ্ডিয়া’ আৰু ‘স্কিল ইণ্ডিয়া’ৰ দৰে শিৱাজীয়েও তেতিয়াৰ দিনতে এই দুটা বিষয়ত গুৰুত্ব প্ৰদান কৰিছিল ৷ শিৱাজীয়ে যুদ্ধত সদায় স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ ব্যৱহাৰ কৰিছিল ৷ “মহাৰাষ্ট্ৰতে নহয় শিৱাজীয়ে হিন্দু ধৰ্ম ৰক্ষা কৰিবলৈ গোৱাতো যথেষ্ট সক্ৰিয় পন্থা অৱলম্বন কৰিছিল ৷ শিৱাজী মহাৰাজ আৰু সম্ভুজী মহাৰাজে হিন্দু ধৰ্মৰ সুৰক্ষাৰ বাবে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল ৷ ১৭ শতিকাত জন্মগ্ৰহণ কৰা শিৱাজীৰ শাসনকালত গোৱাত পৰ্তুগীজৰ দপদপনি আছিল কিন্তু তাৰ মাজতো শিৱাজীয়ে হিন্দু ধৰ্ম ৰক্ষাৰ স্বাৰ্থত কাম কৰি গৈছিল ৷ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ  ধাৰণাটো তেতিয়াৰপৰাই আছিল ৷ সকলোধৰণৰ যুদ্ধ বিগ্ৰহত শিৱাজীয়ে তেওঁৰ তাত নিৰ্মিত সামগ্ৰী ব্যৱহাৰ কৰিছিল”-এনেদৰে কয় মুখ্যমন্ত্ৰী প্ৰমোদ ছাৱন্তে ৷