সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / সিন্ধান্ত চূড়ান্ত !

সিন্ধান্ত চূড়ান্ত !

জীৱন ল’ব আলফাই

গুৱাহাটী,১৯ ফেব্ৰুৱাৰী : কুইপ’ৰ দুই বিষয়াা সন্দৰ্ভত চূড়ান্ত সিন্ধান্ত ল’ব আলফাই ৷ আজি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সংগঠনটোৱে উল্লেখ কৰিছে যে অহা সপ্তাহত তেওঁলোকে কোম্পানীটোৰ দুই বিষয়া ৰেডিঅ’গ্ৰাফাৰ ৰাম কুমাৰ আৰু অভিযন্তা প্ৰণৱ কুমাৰ গগৈৰ সন্দৰ্ভত চূড়ান্ত সিন্ধান্ত গ্ৰহণ কৰিব ৷ কুইপ’ কোম্পানীৰ লগত জড়িত আন কৰ্সমচাৰীকলক  এই কোম্পানীৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে আৰু দক্ষিণ পূব এছিয়াৰ পশ্চিম অংশত কোম্পানীটোক নিষিদ্ধ ঘোষণা কৰিছে ৷ অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ লগত আলোচনা কৰি কোম্পানীটোত কৰ্মৰত আন কৰ্মচাৰীসকলক বিকল্প জীৱিকাৰ পথৰ সন্ধান উলিয়াবলৈয়ো আহ্বান জনাই সংগঠনটোৱে ৷ অপহৃত কৰ্মচাৰী দুজনৰ এনে অৱস্থাৰ বাবে অসম চৰকাৰ আৰু কুইপ’ কোম্পানী দায়ী বুলিও সংগঠনটোৱে লগতে বিবৃতিটোত উল্লেখ কৰে ৷ কোম্পানীটোৰ লগত আলোচনা ব্যৰ্থ হোৱাৰ পিছতে এই বিবৃতি প্ৰেৰণ কৰিছে সংগঠনটোৱে ৷