সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ৪৪৭ জন পৰ্যটকক উদ্ধাৰ

৪৪৭ জন পৰ্যটকক উদ্ধাৰ

তুষাৰপাতত বিধ্বস্ত যাতায়ত

গুৱাহাটী,১৯ ফেব্ৰুৱাৰী : অত্যন্ত তুষাৰপাতৰ ফলত ছিক্কিমৰ নাথুলা পাচত আৱদ্ধ হৈ থকা ৪৪৭ জন পৰ্যটকক আজি ভাৰতীয় সেনাবাহিনীয়ে উদ্ধাৰ কৰে ৷ ভাৰত-চীন সীমান্তৰ নাথুলা পাছত অতিপাত হিমপাত অথবা তুষাৰপাতৰ ফলত এই পৰ্যটকসকল তাতে আৱদ্ধ হৈ পৰিছিল ৷ এই পৰ্যটকসকল বৰফৰ ধুমুহাৰ মাজত মুঠ ১৫৫ খন গাড়ীত আবদ্ধ হৈ পৰিছিল ৷ প্ৰায় ১৫ কিলোমিটাৰ পথত এই গাড়ীবোৰ শাৰী শাৰীকৈ আৱদ্ধ হৈ পৰিছিল ৷ সেনাবাহিনীৰ গাড়ীৰে এই পৰ্যটকসকলক উদ্ধাৰ কৰা হৈছিল ৷ উদ্ধাৰ কৰা এই পৰ্যটক সকলক ১৭ মাইল সেনা কেম্পত ৰখা হৈছে ৷ উদ্ধাৰ হোৱা পৰ্যটকৰ ২৬ জনৰ অৱস্থা সংকটজনক৷ভাৰতীয় সেনাবাহিনীৰ জোৱানসকলে এই পৰ্যটকসকলক উদ্ধাৰ কৰাৰ লগতে খাদ্যৰ ওপৰিও স্বাস্থ্যসেৱাও আগবঢ়াইছে ৷