সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ৬৫ বছৰৰ উৰ্ধৰ সকলোকে দিব ভেকচিন

৬৫ বছৰৰ উৰ্ধৰ সকলোকে দিব ভেকচিন

পাকিস্তান ক’ভিডৰ বাবে সতৰ্ক

ইছলামাবাদ,১৯ ফেব্ৰুৱাৰী : পাকিস্তানে ২ মাৰ্চত ক’ভিড  ভেকচিন এক্সট্ৰাজেনেকা লাভ কৰিব ৷ মুঠ ২.৮ মিলিয়ন ভেকচিন কঢ়িয়াই সেইদিনা দেশখনৰ আন্তৰ্জাতিক বিমান বন্দৰত বিমানে অৱতৰণ কৰিব ৷ দেশখনে ইতিমধ্যে চীনৰ পৰা ৫ লাখ চীন’ফাৰ্ম লাভ কৰিছে ৷ চীন’ফাৰ্ম চীনত প্ৰস্তুত কৰা ক’ভিড ভেকচিন ৷ দেশখনে ৬৫ বছৰৰ উৰ্ধৰ সকলো লোককে ক’ভিড ভেকচিন প্ৰদানৰ সিন্ধান্ত গ্ৰহণ কৰিছে ৷ পাকিস্তানৰ স্বাস্থ্য মন্ত্ৰী  ফইচল চুলতানে এই তথ্য সদৰী কৰিছে ৷ এতিয়ালৈকে ৫২ হাজাৰ স্বাস্থ্যকৰ্মীক এই ভেকচিন প্ৰদান কৰা হৈছে ৷