দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / বিজেপিৰ সভাতেই বিজেপি মুৰ্দাবাদ

বিজেপিৰ সভাতেই বিজেপি মুৰ্দাবাদ

প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ বাবেই প্ৰতিবাদ

মৰিয়নী,২০ ফেব্ৰুৱাৰী : মৰিয়নীৰ নাগাজাংকাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ সন্মুখতে স্থানীয় ৰাইজে আজি তীব্ৰ প্ৰতিবাদ কৰে । বিজেপি মুৰ্দাবাদ,বিজেপি চৰকাৰৰ দাদাগিৰি নচলিব আদি চৰকাৰ বিৰোধী শ্লোগানেৰে মুখৰিত কৰি তোলে বিজেপিৰ নিৰ্বাচনী সভা। উল্লেখযোগ্য যে মৰিয়নীৰ নাগাজাংকাৰ বিভিন্ন সমস্যা সমাধানৰ বাবে স্থানীয় ৰাইজে কেইবাবাৰো চৰকাৰ প্ৰশাসনৰ ওচৰত অনুৰোধ কৰিছিল যদিও চৰকাৰে তেওঁলোকৰ সমস্যাসমূহক গুৰুত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত বিজেপি দলৰ ৰাজনৈতিক নেতাৰ প্ৰবেশ নিষিদ্ধ কৰিছিল স্থানীয় ৰাইজে ।

কিন্তু আজি  ৰাইজে নিষিদ্ধ কৰাৰ পিছতো ৬১ নং পঞ্চায়তৰ সভাপতি অপূৰ্ব শইকীয়া আৰু বিজেপিৰ যোৰহাট জিলা চাহ মজদুৰ সংঘৰ সভাপতি সঞ্জয় কিষাণ তাঁতীৰ  নেতৃত্বত মৰিয়নীৰ নাগাজাংকাত এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰাত ,সভাৰ সন্মুখতে  ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ,ফলত আধাতে সভা সামৰি পলাই যায় বিজেপিৰ নেতা কৰ্মীসকল । নিৰ্বাচনৰ আগত  বিজেপিৰ নেতা কৰ্মীৰ ছত্ৰভঙ্গই  চৰকাৰখনৰ  গণভিত্তি যে যথেষ্ট কমিছে তাৰেই যেন‌ প্ৰমাণ হ’ল আজি মৰিয়নিত ।