বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / শ্বেয়াৰ মাৰ্কেটৰ প্ৰতি আকৰ্ষণ বাঢ়িছে

শ্বেয়াৰ মাৰ্কেটৰ প্ৰতি আকৰ্ষণ বাঢ়িছে

২০২০বৰ্ষত ১কোটি নতুন বিনিয়োগকাৰী

নতুন দিল্লী,২০ ফ্ৰেব্ৰুৱাৰী : ক’ভিড মহামাৰীৰ কৰাল গ্ৰাসত পৰি ২০২০বৰ্ষত ভাৰতীয় অৰ্থনীতি বিধস্ত হোৱাৰ কথা সৰ্বজনবিদিত যাৰ নেতিবাচক প্ৰভাৱ এতিয়াও সম্পূৰ্ণৰূপে দূৰ হোৱা নাই ৷ আনহাতে, বেচৰকাৰী খণ্ডৰ কৰ্মৰত এক গৰিষ্ঠ সংখ্যক ব্যক্তি একে সময়তে কৰ্মসংস্থাপন হেৰুৱাৰ কথাও সৰ্বজনবিদিত ৷ কিন্তু শেহতীয়াভাৱে প্ৰকাশ পোৱা এক চৰকাৰী তথ্য মতে এনে পৰিস্থিতিৰ মাজতো প্ৰায়  ১০ মিলিয়ন বা ১কোটি নতুন বিনিয়োগকাৰীয়ে ভাৰতীয় শ্বেয়াৰ বজাৰত পোন প্ৰথমবাৰৰ বাবে বিনিয়োগ কৰিবলৈ আৰম্ভ কৰে ৷ উল্লেখযোগ্য যে এই বিনিয়োগকাৰীসকলৰ গৰিষ্ঠসংখ্যকে এক দীঘলীয়া সময়ৰ বাবে বিনিয়োগ কৰাতকৈ হ্ৰস্বম্যাদী বিনিয়োগ বিশেষকৈ ডে ট্ৰেডিং কৰাতহে আগ্ৰহী বুলি প্ৰকাশ পাইছে ৷ তাৰোপৰি নতুন বিনিয়োগকাৰীসকলৰ বয়স পূৰ্বৰ বিনিয়োগকাৰীসকলৰ তুলনাত যথেষ্ট কম বুলিও আন এক তথ্য প্ৰকাশ পাইছে ৷ অৰ্থাৎ ইউ টিউব বা তেনেধৰণৰ মাধ্যমৰ পৰা বিভিন্ন ট্ৰেডিং ছফটৱেৰ ডাউনলড কৰি ৩০বছৰৰ অনুৰ্ধৰ এই ১কোটি ভাৰতীয়ই ক’ভিডৰ আতংকৰ মাজত শ্বেয়াৰ বজাৰত পোন প্ৰথমবাৰৰ বাবে প্ৰবেশ কৰিলে ৷ অৱশ্যে আন প্ৰকাৰে বিবেচনা কৰিলে মহামাৰীৰ আতংকৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাত বাধ্য বাধকতা আহি পৰা বাবে তথা উপাৰ্জনৰ সচৰাচৰ পথ বন্ধ হৈ যোৱা বাবে এই বৃহৎ সংখ্যক নৱ প্ৰজন্মই শ্বেয়াৰ বজাৰত প্ৰবেশ কৰি উপাৰ্জনৰ আন এক সম্বল মোকলাবলৈ চেষ্টা কৰিছিল ৷ তৎস্বত্বেও এই কথা কব পাৰি যে নতুন প্ৰজন্মৰ মাজত শ্বেয়াৰ বজাৰ যথেষ্ট জনপ্ৰিয় ৷ বিশেষকৈ ছেনচেক্স সূচাংক ইতিমধ্যেই ৫০,০০০অতিক্ৰম কৰাত সমগ্ৰ দেশতে শ্বেয়াৰ বজাৰৰ প্ৰতি এক নতুন উৎসাহ দেখা গৈছে ৷