মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ‘কৃতজ্ঞতা’ জনালে চৰাইদেউবাসীক

‘কৃতজ্ঞতা’ জনালে চৰাইদেউবাসীক

বয়োজ্যেষ্ঠ সকলক সন্মান জনালে প্ৰশাসনে

চৰাইদেউ , ২১ ফেব্ৰুৱাৰী : অসমীয়া সমাজৰ এক পুৰাতন পৰম্পৰা হৈছে বয়োজ্যেষ্ঠজনক সন্মান আৰু ভক্তি কৰা। বিহুৱে-সং‌ক্ৰান্তিয়ে সশ্ৰদ্ধাৰে সেৱা কৰাৰ লগতে প্ৰাচীন কালৰেপৰা অসমীয়া সমাজত জ্যেষ্ঠজনক আনুষ্ঠানিকভাৱে সন্মান দিয়া প্ৰথা এক পৰম্পৰা হিচাপে প্ৰচলিত হৈ আহিছে। চৰাইদেউ জিলা প্ৰশাসনৰ হৈ জিলা উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াৰ আন্তৰিক প্ৰচেষ্টা আৰু পৰিকল্পনাত প্ৰথমবাৰৰ বাবে চৰাইদেউৰ সোণাৰিত ‘কৃতজ্ঞতা’ শীৰ্ষক  এক ব্যতিক্ৰমী গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আজি ২১ ফেব্ৰুৱাৰী দেওবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত হৈ যায়।

সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত দিনৰ ১১ বজাত চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত  সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অনুকৰণীয়  আদৰ্শ আৰু বৰঙণি আগবঢ়োৱা চৰাইদেউ জিলাৰ ২২ গৰাকী বিশিষ্ট ব্যক্তি সৰ্বশ্ৰী গুণেশ্বৰ শইকীয়া, গেব্ৰিয়েল ঢান, চৈমেত বাইলুং, গোলাপ চন্দ্ৰ বৰগোহাঁই, ডিম্বেশ্বৰ গগৈ, গুণলতা শইকীয়া, তুলসী চাংমাই, সোনমাই বৰা, বিনন্দ ৰাজকোঁৱৰ, বিভাস পাল, বাণীকান্ত ৰাজখোৱা, মাখন চন্দ্ৰ গগৈ, ডম্বৰুধৰ ফুকন, তুলসীৰাম নেওগ, নন্দ কুমাৰ দাৰিগ, মান্য পাংগিং, কাঞ্চন চুতীয়া, প্ৰফুল্ল চন্দ্ৰ বৰা, উষা হাজৰিকা, ৰবিন চন্দ্ৰ কোঁৱৰ, উপেন্দ্ৰ নাথ ফুকন আৰু আফতাজুদ্দিন হালদাৰক সামাজিকভাৱে “কৃতজ্ঞতা”ৰ চিন স্বৰূপে আজি সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

কণ্ঠশিল্পী বৈশালী বৰাৰ বৰগীতেৰে আৰম্ভ কৰা সভাত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে আদৰণি ভাষণ আৰু সাহিত্যিক পেন্সনাৰ তথা অন্যতম উদ্যোক্তা ৰতিপ্ৰভা গগৈয়ে “কৃতজ্ঞতা” অনুষ্ঠানৰ তাৎপৰ্য ব্যাখ্যা কৰে। ৰবিন বাইলুঙৰ সহযোগিতাত মণি গগৈয়ে আঁত ধৰা অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ, অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাস; সোণাৰি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিপুল দে, সহকাৰী আয়ুক্ত সমুজ্জ্বল বড়া, চৰাইদেউ জিলা সাহিত্য সভাৰ সম্পাদক ডঃ ৰঘুনাথ কাগয়ুং, তথ্য আৰু জনসংযোগ বিষয়া জয়ন্ত মাউত, সোণাৰি উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তিলক নেওগ আদি বিশিষ্ট ব্যক্তিসকলে অতিথি হিচাপে উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।