দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / বিজেপিত যোগদান পৰ্ব চলি আছে

বিজেপিত যোগদান পৰ্ব চলি আছে

ভাল দিনৰ অন্ত পৰা নাই বিজেপিৰ

নগাঁও , ২১ ফেব্ৰুৱাৰী : আজি নগাঁৱত বিভিন্ন ৰাজনৈতিক দল আৰু কা’ আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব দিয়া কেইবাগৰাকী ব্যক্তিকে ধৰি প্ৰায় পাঁচ শতাধিক লোকে আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে । আজি নগাঁও আৰু হয়বৰগাঁও মণ্ডল বিজেপিৰ উদ্যোগত এই যোগদান সমাৰোহ অনুষ্ঠিত হয় । নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশ গ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয়  “বিজেপি নেতৃত্বাধীন মিত্ৰ জোঁটৰ চৰকাৰৰ দিনত ৰাজ্যখনত হোৱা উন্নয়নৰ বাবে আজি বিজেপিৰ প্ৰতি সকলো স্তৰৰ লোক আকৰ্ষিত হৈছে । আমাৰ চৰকাৰৰ দিনত ৰাস্তা – ঘাট, দলং আদিৰ উন্নয়ন হোৱাৰ লগতে সকলো ক্ষেত্ৰতে উন্নয়ন আৰু বিকাশে নতুন গতি লাভ কৰিছে ।

শিক্ষা , স্বাস্থ্য খণ্ডকে ধৰি সকলো বিভাগৰ অধীনত অসমত উন্নয়নৰ কাম চলি আছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি   বটদ্ৰবা , কাজিৰঙাৰ বেদখলকৃত ভূমি আমাৰ চৰকাৰৰ দিনত উচ্ছেদ কৰা হৈছে । গুৰুজনাৰ পবিত্ৰ জন্মভূমিত  বটদ্ৰবা থানক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ লক্ষৰে সৰ্ববৃহৎ প্ৰকল্পৰ কাম আৰাম্ভ কৰা হৈছে । আনহাতে ‘কা’ আন্দোলনকাৰী সকলক সমালোচনা কৰি বিধায়ক গৰাকীয়ে কয় “ কা’ আন্দোলনৰ গইনাৰে এতিয়া বহুতে নেতা হব বিচাৰিছে । ৰাজনৈতিক দল খুলিছে । মূখ্যমন্ত্ৰী হ’ব বিচাৰিছে । তেওঁলোকে সমাগত নিৰ্বাচনত এখনো আসন নাপায় আৰু শেষত বিজেপিত যোগদান কৰিব । সভাত বিজেপিত যোগদান কৰা ‘কা’ আন্দলনৰ নেতা প্ৰাণজিৎ বৰাই কয়  “কা’ আন্দোলনৰ সময়ত কা’ আন্দোলন কৰা নেতা সকলে আমাক বিপথে পৰিচালনা কৰিছিল ।

আমাক সপোন দেখুুুৱাইছিল । অসমৰ মানুহ ‘কা’ আন্দোলনৰ সময়ত আবেগিক হৈ পৰিছিল । আমিও আবেগিক হৈ পৰিছিলোঁ । এতিয়া আমাৰ ভূল ভাগিছে । ‘কা’ আন্দোলনৰ নেতা সকলে এতিয়া অসমৰ ৰাইজক প্ৰতাৰণা কৰিছে । বিজেপি চৰকাৰৰ দিনত উন্নয়নৰ বাবে আমি বিজেপিৰ প্ৰতি আকৰ্ষিত হৈ আজি বিজেপিত যোগদান কৰিছোঁ ৷ ” বিৰাজ বৰদলৈ , সত্যজিৎ বৰাকে ধৰি বিভিন্ন ৰাজনৈতিক দল বিশেষকৈ কংগ্ৰেছ , এইউডিএফকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ লোকে বিজেপিত যোগদান কৰে । আজি যোগদান কৰা লোক সকলে নগাঁও চহৰত সমদল কৰি বিজেপিৰ মণ্ডল কাৰ্যালয়ত উপস্থিত হৈ বিজেপিত যোগদান কৰে । বিজেপিৰ নগাঁও সদৰ সমষ্টিৰ প্ৰভাৰী দীপাংকৰ শৰ্মা বৰুৱাই আঁত ধৰা সভাখনত নগাঁও – হয়বৰগাওঁ মণ্ডলৰ সভাপতি ক্ৰমে বিজয় গুপ্তা , দীপাংকৰ ৰয় , বিজেপিৰ বিষয়ববীয়া ৰশ্মি শৰ্মা , সুভাষ দত্ত আদিয়ে অংশ গ্ৰহণ কৰে । উল্লেখযোগ্য যে, কা’ আন্দোলনৰ সময়ত নগাঁৱৰ পাঠৰিৰ পৰা কান্ধত ভাৰ লৈ গুৱাহাটীলৈ পদযাত্ৰা কৰা অপূৰ্ব বৰবৰায়ো আজি বিজেপিত যোগদান কৰে ।