মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / সামাজিক মাধ্যম এতিয়া ত্ৰাস

সামাজিক মাধ্যম এতিয়া ত্ৰাস

ফেচবুক,টুইটাৰ নিয়ন্ত্ৰণ কৰিব চৰকাৰে i

নতুন দিল্লী,২১ফ্ৰেবুৱাৰী : সমগ্ৰ দেশতে সামাজিক মাধ্যম যুবচামৰ বাহিৰেও আনকি বয়োজেষ্ঠ সকলৰ মাজতো সদ্যহতে যথেষ্ট জনপ্ৰিয় হৈ পৰিছে ৷ আনহাতে, জনপ্ৰিয় সামাজিক মাধ্যম যেনে ফেচবুক ,ইনষ্টাগ্ৰাম,টুইটাৰ,হোৱাটছ আপ আদি চৰকাৰ তথা আইন শৃংখলাৰ নিয়ন্ত্ৰণৰ দায়িত্বত থকা ব্যক্তিসকলৰ বাবে এক মূৰৰ কামোৰণি সদৃশ হৈ পৰিছে ৷ বিশেষকৈ বিগত প্ৰায় ৩ মাহ ধৰি অব্যাহত থকা কৃষক বিক্ষোভৰ দেশ তথা বিদেশত ব্যাপক প্ৰচাৰৰ অন্তৰালত সামাজিক মাধ্যমৰ গুৰুত্বপূৰ্ণ অৱদান আছে বুলি কেন্দ্ৰীয় চৰকাৰ পতিয়ন গৈছে ৷

আজি নিজৰ এক গ্ৰন্থ উন্মোচন কৰি জেষ্ঠ বিজেপি নেতা ৰাম মাধৱে মন্তব্য কৰে যে সামাজিক মাধ্যম ইমানেই শক্তিশালী হৈ পৰিছে যে ইয়াৰ জৰিয়তে সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত চৰকাৰ এখনৰো পতন হ’ব পাৰে তথা দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পাৰে ৷ সেইবাবেই কেন্দ্ৰীয় চৰকাৰে সদ্যহতে সামাজিক মাধ্যমক নিয়ন্ত্ৰণ কৰিবলৈ নতুন আইন-কানুন প্ৰৱৰ্তন কৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বুলি জেষ্ঠ বিজেপি নেতাজনে উল্লেখ কৰে ৷ সদ্যহতে প্ৰচলিত আইন-কানুনত যথেষ্ট সুৰুঙা থাকি যোৱা বাবে সামাজিক মাধ্যমক যথাৰ্থৰূপে নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই বুলিও ৰাম মাধৱে মন্তব্য কৰে ৷ গতিকে আগন্তুক দিনত ভাৰতত সামাজিক মাধ্যমক যে যথেষ্ট কঠোৰ ভাৱে নিয়ন্ত্ৰণ কৰা হ’ব,সেইটো স্পষ্ট হৈ পৰিছে ৷