বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / চীনে বিনিয়োগ কৰিব ভাৰতত

চীনে বিনিয়োগ কৰিব ভাৰতত

চীন -ভাৰতৰ সম্পৰ্ক উন্নত

নতুন দিল্লী,২২ ফেব্ৰুৱাৰী : বিগত বছৰত চীন-ভাৰত সীমান্তত যুদ্ধৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত দুই দেশৰ মাজত বাণিজ্য তথা অৰ্থনৈতিক সম্পৰ্কৰ দ্ৰুত অৱনতি ঘটিছিল ৷ ফলস্বৰূপে চীন দেশৰ প্ৰায় ১৫০টা বাণিজ্যিক প্ৰতিষ্ঠানৰ দ্বাৰা ভাৰতৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰিবলগীয়া প্ৰায় ২বিলিয়ন আমেৰিকান ডলাৰৰ বৃহৎ কেইবাটাও বাণিজ্যিক প্ৰস্তাৱত ভাৰত চৰকাৰে বিগত এবছৰত অনুমোদন দিয়াৰ পৰাৰ বিৰত আছিল ৷ কিন্তু লাডাখৰ বিবদমান এলেকাৰ পৰা দুই দেশৰ সৈনিক তথা টেংক আদিকে ধৰি পৰ্যায়ক্ৰমে আঁতৰ কৰাৰ ফলস্বৰূপে দুই দেশৰ মাজত বাণিজ্যিক তথা অৰ্থনৈতিক সম্পৰ্ক পুনৰ স্বাভাবিক হৈ পৰাৰ যথেষ্ট সম্ভাৱনীয়তা সদ্যহতে পৰিলক্ষিত হৈছে ৷ ভাৰত চৰকাৰে ইতিমধ্যে চীনৰ বিভিন্ন প্ৰতিষ্ঠানৰ ৪৫টা বাণিজ্যিক প্ৰস্তাৱক অদূৰ ভৱিষ্যতে যাৱতীয় অনুমতি প্ৰদান কৰাৰ সম্ভাৱনীয়তা প্ৰকট হৈ পৰিছে ৷

এই ৪৫টা প্ৰস্তাৱ মূলতঃ ভাৰতৰ আভ্যন্তৰীণ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কোনো ধৰণৰ ভাবুকিৰ সৃষ্টি কৰিব নোৱাৰা বিভিন্ন ক্ষেত্ৰ যেনে বাহন তথা যন্ত্ৰ আদি নিৰ্মাণ কাৰ্যৰ লগত জড়িত ৷ উল্লেখযোগ্য যে এই ৪৫টা প্ৰস্তাৱৰ মাজত কেইটামান প্ৰস্তাৱ আমেৰিকা যুক্তৰাষ্ট্ৰ তথা জাপানৰ বাণিজ্যিক প্ৰতিষ্ঠানৰো আছে ৷ এই দুই দেশৰ উক্ত বাণিজ্যিক প্ৰস্তাৱ সমূহ চীনৰ নিয়ন্ত্ৰণত থকা হংকংস্থিত প্ৰতিষ্ঠানৰ সহযোগত ভাৰত চৰকাৰৰ ওচৰত যাবতীয় অনুমতি বিচাৰি আবেদন কৰা হৈছিল ৷ কিন্তু হংকঙৰ প্ৰতিষ্ঠান জড়িত থকা বাবে মুলতঃ আমেৰিকা যুক্তৰাষ্ট্ৰ তথা জাপানৰ প্ৰতিষ্ঠানৰ মালিকানাধীন হোৱা স্বত্বেও এই প্ৰস্তাৱসমূহক ভাৰত চৰকাৰে যাবতীয় অনুমতি প্ৰদান কৰাৰ পৰা বিৰত আছিল ৷ চীন-ভাৰতৰ মাজত সম্পৰ্কৰ কিছু উন্নতি হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া বাণিজ্য তথা অৰ্থনৈতিক সম্পৰ্কও উন্নত হৈ পৰাৰ সম্ভাৱনীয়তা প্ৰকট হৈ পৰিছে ৷