শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ভূমাফিয়াই দপদপাইছে চৰাইদেউত

ভূমাফিয়াই দপদপাইছে চৰাইদেউত

টাইপাই বিচাৰিছে তদন্ত

চৰাইদেউ, ২২ ফেব্ৰুৱাৰী : চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ লগতে নিমনাগড়, লাকুৱা, মাহমৰা, সাপেখাতী, ভজো, বৰাহী আদি বিভিন্ন প্ৰান্তত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে বন বিভাগৰ অনুমতি অবিহনে মাটি খনন অব্যাহত ৰখাত  বন বিভাগৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ উঠিছে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ ‘টাইপা’ৰ চৰাইদেউ জিলা সমিতি। সংগঠনটোৱে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা অবৈধ মাটি খননৰ বিৰুদ্ধে আজি উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদানৰ জৰিয়তে নিজৰ ক্ষোভ উজাৰিছে । স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি চৰাইদেউ জিলাৰ নাফুকস্থিত আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন প্ৰান্তত একাংশ ভূ-মাফিয়াই  মাটি খননৰ জৰিয়তে জৈৱ বৈচিত্ৰতা ধ্বংসৰ অভিযোগ উত্থাপন কৰিছে ‘টাইপা’ চৰাইদেউ জিলা সমিতিয়ে। আনহাতে, জিলাখনত অব্যাহত থকা অবৈধ মাটি খনন কাৰ্য শীঘ্ৰেই বন্ধ কৰিবলৈ টাইপা চৰাইদেউ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি উদীপ্ত গগৈ, যুটীয়া সম্পাদক নৱ লাহন আৰু ভৱানন্দ বৰগোহাঁই স্বাক্ষৰিত স্মাৰকপত্ৰযোগে চৰাইদেউ জিলা  প্ৰশাসন তথা বন বিভাগলৈ আহ্বান জনাইছে । ইফালে বন বিভাগৰ বৈধ অনুজ্ঞাপত্ৰ অবিহনে কিদৰে বিভিন্ন প্ৰান্তত মাটি খনন অব্যাহত আছে তাৰ উচিত তদন্ত কৰাৰ আহ্বান জনাইছে সংগঠনটোৱে। অন্যথা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ টাই আহোম যুৱ পৰিষদ অসম চমুকৈ ‘টাইপা’ চৰাইদেউ জিলা সমিতিৰ।স্মাৰকপত্ৰ গ্ৰহণ কৰি উপায়ুক্তই বিষয়টো সম্পৰ্কত বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি সঠিক ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায় ৷