বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মাঘী পূৰ্ণিমাৰ তাৎপৰ্য

মাঘী পূৰ্ণিমাৰ তাৎপৰ্য

মাঘী পূৰ্ণিমা পালন কিদৰে কৰিব,

লিখিছে ভপে শৰ্মাই : সনাতন হিন্দু ধৰ্মত মাঘী পূৰ্ণিমাক অতি পবিত্ৰ জ্ঞান কৰা হয়। যিকোনো ধৰ্মীয় মাঙ্গলিক অনুষ্ঠান পূজা পাঠ ইত্যাদি মাঘী পূৰ্ণিমাৰ দিনা কৰিব পৰাটো সৌভাগ্যৰ কথা বুলি ধাৰণা কৰা হয়। ধৰ্মীয় পৰম্পৰা অনুসৰি মাঘী পূৰ্ণিমাৰ দিনা সূৰ্যোদয়ৰ আগতেই গংগা স্নান কৰিলে পাপৰ পৰা মুক্তি লাভ হয় বুলিও ধাৰণা কৰা হয়। মাঘী পূৰ্ণিমাৰ মহত্ব বুজি পোৱা গংগা নদীৰ দাঁতিকাষৰীয়া লোকসকলে প্ৰতিবছৰেই সূৰ্যোদয়ৰ আগতেই গংগা স্নান কৰি হোমযজ্ঞ পূজা পাঠত হয়। যি সকলে গংগা নদীলৈ গৈ স্নান কৰা সম্ভৱ পৰ নহয় তেওঁলোকে ঘৰতেই গংগাৰ এটোপাল পানী অইন পানীৰ লগত মিহলি কৰিও গংগা স্নান কৰিব পাৰে।

স্নানৰ অন্তত পূজা পাঠ কৰি সাধু সন্ত ভিক্ষাৰীক দান কৰিলে পাপৰ পৰা মুক্ত হোৱাৰ ওপৰিও ভাগ্য উদয় হয় বুলি বিশ্বাস কৰা হয়। পৌৰাণিক মহত্ব অনুসৰি মাঘী পূৰ্ণিমাৰ দিনা ভগৱান শ্ৰীবিষ্ণু পৃথিৱীলৈ আহি গংগাত স্নান কৰে। আমাৰ দেশৰ প্ৰতিজন ধৰ্মীয় ৰীতিনীতিত বিশ্বাসী লোকে কোনোবা নহয় কোনোবা এটা দিনত  গংগাত স্নান কৰাৰ এক পৰম্পৰা আছে। কিন্তু যি তিথিত স্বয়ং শ্ৰীহৰিয়ে পবিত্ৰ গংগা জলত স্নান কৰে তেতিয়া সেই দিনত গংগাস্নান কৰিব পৰাটো অতিকৈ মহত্বপূৰ্ণ। অন্যহাতে বিশ্বাস কৰা  হয় উক্ত দিনা গংগাস্নান কৰিব পাৰিলে বৈকুণ্ঠ প্ৰাপ্তি হয় এয়াই ধৰ্মীয় বিশ্বাস।

ভগৱান শ্ৰীহৰিক ভক্তই যেতিয়াই মনৰ পৰা কাতৰ আহ্বান কৰে তেতিয়াই ভক্তৰ প্ৰতি কৃপা দৃষ্টি দিয়ে। কিন্তু মাঘ মাহত বিষ্ণু ভগৱানৰ মন্ত্ৰ জপ কৰিলে, তপ কৰিলে, পূজা কৰিলে অতিশীঘ্ৰেই প্ৰসন্ন হয়। মাঘ মাহত তিল আৰু গুৰ দান কৰিব পাৰিলে মনোবাঞ্ছা পূৰণ হয় । এইবছৰ মাঘী পূৰ্ণিমাৰ তিথি মিলিছে ২৬ফেব্ৰুৱাৰী ১৩ ফাগুনৰ দিনৰ ৩বাজি ১১মিনিট ১৮চেকেণ্ড যোৱাৰ পিছত আৰু পূৰ্ণিমা তিথি থাকিব ২৭ফেব্ৰুৱাৰী ১৪ফাগুনৰ দিনৰ ২বাজি ৯মিনিট ৪২চেকেণ্ডলৈ। সেয়ে গংগা স্নান ২৭ফেব্ৰুৱাৰীৰ ৰাতিপুৱাৰ পৰা আৰম্ভ হ’ব।