বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / হাতেলোটে ধৰিলে দালালক

হাতেলোটে ধৰিলে দালালক

অনুজ্ঞাপত্ৰৰ নামত দালালি

নগাঁও, ২২ফেব্ৰুৱাৰী : নগাঁও জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত আজি পুৱাই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ৰিহানউদ্দিন নামৰ এটা দালালে অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত ৰাইজৰ পৰা ৬হাজাৰ টকা দাবী কৰা অৱস্থাতে একাংশ লোকে হাতে-লোটে ধৰি লপা-থপা সোধায়। আনহাতে, এই দালালৰাজক প্ৰশ্ৰয় দিয়া কাৰ্যালয়টোত কৰ্মৰত এমট্ৰনৰ এজন কৰ্মচাৰীকো ৰাইজে জেৰা কৰে।

ইয়াৰ পিচতে ৰিহানউদ্দিন নামৰ দালালটোৱে পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ পৰা পলায়ন কৰে। ইতিমধ্যে নগাঁও জিলা পৰিবহন বিষয়াই ৰিহানউদ্দিন নামৰ দালালটোৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে ৷