সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / পুৱাই ভতিজাকৰ ঘৰত মমতা

পুৱাই ভতিজাকৰ ঘৰত মমতা

অভিষেকৰ পত্নীক সোধাপোছা কৰিছে চি টি আই য়ে

কলকাতা,২৩ফেব্ৰুৱাৰী : আজি পুৱাৰভাগত কোনো আগতীয়া কাৰ্যসূচী নোহোৱাকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী তেওঁৰ ভতিজাক অভিষেকৰ ঘৰত উপস্থিত হয়গৈ ৷ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অৱশ্যে খুব কম সময় কটাই অভিষেকৰ ঘৰত ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ বাসগৃহ ত্যাগ কৰাৰ পিছতে কেন্দ্ৰীয় চোৰাংচোৱা বিভাগৰ লোক তেওঁৰ ঘৰত প্ৰৱেশ কৰে আৰু অভিষেকৰ পত্নীক সোধাপোছা কৰে ৷ উল্লেখযোগ্য যেনীতিবৰ্হিভূতভাৱে চলি থকা কয়লাখনন কাৰ্যৰ লগত তৃণমূল কংগ্ৰেছৰ নেতা তথা সাংসদ অভিষেক বেনাৰ্জীৰ পত্নী ৰুজিৰাক সোধপোছ কৰিছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই ৷ কেন্দ্ৰীয় চোৰাংচোৱা বিভাগে তেওঁক তদন্তৰ আওতালৈ আনি তেওঁক তদন্তত সহযোগিতা আগবঢ়াবলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল ইয়াৰ আগতে ৷ উক্ত পত্ৰৰ উত্তৰত তেওঁ লিখিছিল এনেদৰে “যদিও আপোনালোকে মোক কিয় এই তদন্তৰ আওতালৈ আনিছে ,সেই বিষয়ে একো নাজানো তথাপিও আপোনালোকক মই অহা ২৩ফেব্ৰুৱাৰীৰ দিনা দিনৰ ১১বজাৰ পৰা ৩ বজাৰ ভিতৰত আমাৰ ঘৰলৈ আহিবলৈ অনুৰোধ জনালোঁ ৷ ”